কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চলাচল কৰ্so.la.sol korVerb-Intran.
to move to and fro repeatedly between two locations.
- চলাথcalāthaNoun
তল-ওপৰ; পাত পাত কৰি কৰা বিচাৰ
minute of sifting investigation
- চলাথ কৰ্so.lath korVerb-Trans.
বহুতো বস্তুৰ মাজত কোনো বিশেষ বস্তু পাত-পাত কৰি বিচাৰ্
to search for something among a lot of other things
- চলাহso.lahAbstract Noun
Something given or done to persuade someone to do something by offering them something pleasant
- চলাহীso.la.hiVerbal Adj.
মিছা কথা বা বেশেৰে (কাৰোবাৰ) মন মুহিব পৰা
capable of misleading (someone) by a false appearance or statement
- চলিcaliNoun
চাঁচি এৰুওবা পাতল কাঠ; কাঠৰ সৰু চেপেটা খণ্ড
a small flat piece of wood
- চলি খৰিMaterial Noun
বাঁহ বা কাঠৰ সৰু, জোঙা টুকুৰা; জুই জ্বলাত সহায়ক হিচাপে ব্যৱহাৰ হয়।
a piece of small, sharp wood or bamboo. It is used to initialise a fire. Fire wood of smaller size.
- চলি থাক্so.li thakVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- চলি-কৰিcali-kariAdverb
চল-কৰ কৰি; ইফালে সিফালে গৈ; কৰি-মেলি
by having intercourse; by moving about and working
- চলিতcalitaAdjective
ব্যবহাৰত থকা; প্ৰচলিত; চলি থকা; ব্যবহৱত
current; in use
- চলিহাcalihāNoun
এক ফৈদ ওখ শ্ৰেণীৰ আহোমৰ নাম [নাংচুং বৰগোহাঁয়ে সন্দিকৈ বংশৰ এজনী সগৰ্ভা তিৰোতা বিয়া কৰাই আনি তেওঁৰপৰা জন্ম হোবা ল'ৰা এটাৰ নাম থ'লে চলিহা' এই ল'ৰাৰপৰা যি সন্তান-সন্ততি বাঢ়িছে, তেওঁবিলাকক মঠা ডাঙৰ চলিহা বোলে।]
a clan of high class Ahoms
- চলিহাই ধৰ্
বয়সৰ দ্বাৰা দেখা শক্তি কম হ
to have dim sight in advanced age
- চলিয়াcaliẏāNoun
চলা; দীঘল চেপেটা বস্ত্ত
a flat piece (of wood or bamboo)
- চলুcaluNoun
হাতৰ তলুবাৰ খোলত ল'বৰ জোখাৰে পানী
a handful of water
- চলোঁতাcalom̐tā
কৱদ. গতি কৰা পুৰুষ
one who moves
- চলৌপাতীcalaupātīAdjective
অমনোযোগী; কোনো কামতে মন পুতি নলগা
light-minded; unsteady
- চল্calIntransitive verb
গতি কৰ্; যা
to go; to pass
- চল্চলcalcalaAdjective
পানীৰে বা চকুৰ লোৰে ভৰা
full of water or tears
- চল্চলাIntransitive verb
পানীত লৰচৰ কৰি চটচটাই আৰু দেখা দি বা জিলিকি ফুৰ
to dash about in water
- চল্চলীয়াAdjective
পানীৰে খাল-বাম পূৰ হোবা
filled with water on all sides