কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দানশীলতাdan.xi.lo.taAbstract Noun
দুখীয়াৰ প্ৰতি সহায় বা সাহায্যৰ ব্যৱস্থা; আৰ্তজনলৈ আগবঢ়োৱা সহায়; আৰ্তজনক সহায় কৰাৰ বাবে স্থাপিত কোনো প্ৰতিষ্ঠান, সংস্থা বা পূঁজি; আনৰ প্ৰতি বা মানৱতাৰ হকে দেখুওৱা উদাৰতা।
Provision of help or relief to the poor; .Something given to help the needy; alms.An institution, organization, or fund established to help the needy.Benevolence or generosity toward others or toward humanity.Indulgence or forbearance in judging others.
- দানাdānā
ঘাঁহৰ বাহিৰে জন্ত্তক দিয়া খলিহৈ, ধান, মাহ শস্যৰ গুটি আদি আহাৰ
grain, etc., given to an animal as food
- দানা-মণি
সোণ আৰু লাৰ ঘূৰণীয়া মণি মিহলাই গাঁঠি লোবা ডিঙিত পিন্ধা মণি
a kind of necklace
- দানা-মালা
সোণ আৰু লাৰ ঘূৰণীয়া মণি মিহলাই গাঁঠি লোবা ডিঙিত পিন্ধা মণি
a kind of necklace
- দানাদাৰdānādāraAdjective
যিহত দানা পৰিছে (চেনি)।
- দানিdāniNoun
সদায় পাৰ হ'বলৈ একেলগে টকা দি কৰা বন্দোবস্ত
right secured for crossing a ferry by payment of a lumpsum at a time
- দানি খা, দানি পৰ্
জয় বা লাভ হোবাকৈ ঘনে ঘনে কড়ি বা পাষটি পৰ্; দান পৰ্
to have lucky casts of dice repeatedly
- দানীdānī
দান কৰ্, দান কৰা স্বভাবৰ
munificent
- দান্তdānta
দাঁত; যেনে-"দিগ্গজো ভিৰিল দান্তে" (কীৰ্ত্তন)।
- দান্দিয়াdan.di.yaProper Noun
বৃ্ন্দাবনৰ পাৰম্পৰিক, জনপ্ৰিয় লোকনৃত্য৷ নৱৰাত্ৰিৰ সময়ত ফাকুৱা আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰি পৰম্পৰাগত সুন্দৰ সাজ-পোচাকেৰে পুৰুষ, মহিলা উভয়ে নাচে৷ দুয়োহাতত লোৱা দুডাল ৰঙীন বাঁহৰ মাৰিৰে সঙ্গীৰ বাঁহৰ মাৰিত টুকুৰিয়াই টুকুৰিয়াই সঙ্গীতৰ তালে-তালে চক্ৰাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্য অতি আকৰ্ষণীয় ৷
traditional folk dance of Vrindaban. It depicts the scenes of Holy and the `leela` of Lord Krishna and Radha.
- দানৱda.nobCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- দানৱদলনীda.nob.do.loProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দানৱাৰিProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- দাপdapVerb-Trans.
ভুল দেখুৱাই খঙেৰে কিবা কাম নকৰিবলৈ সকিয়াই দিয়া।
To counsel against wrong practices; to cation or advise; to warn against danger or an offense.
- দাপণdāpaṇaNoun
আৰ্চী; কাঁহ বা পিতলৰ আৰ্চী
mirror
- দাপণিdāpaṇi
বিয়াত দৰাই বা কইনাই হাতত লোবা এবিধ ঘূৰণীয়া আৰু নাল লগোবা চক্চকীয়া কাঁহৰ পাত্ৰ
a bellmetal utensil used by a bridegroom during marriage ceremony
- দাপণি-মুবাdāpaṇi-mubāNoun
দাপণিৰ নিচিনা চকচকীয়া মুখ থকা মানুহ।
- দাপনাdāpanāNoun
জন্ত্তৰ পিৰা
the thigh of a beast cut and separated from the body
- দাপোণdāpoṇaNoun
আৰ্চী; কাঁহ বা পিতলৰ আৰ্চী
mirror
- দাপোনMaterial Noun
এখন মশৃণ সমতল য’ত পোহৰ প্ৰতিবিম্ব হয়৷
polished or smooth surface (as of glass) that forms images by reflection