কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পইৰা আহাৰ- শাওণমহীয়াNoun
বোকা মাটিত সিঁচি খেতি কৰা ধান
paddy grown as above
- পইৰা দিpairā, di
মাটি ৰোকা কৰি তাত ধান সিঁচি দি
to grow paddy by sowing broadcast on muddy land
- পইৰা দেpoi.ra deVerb-Trans.
(শস্য বা গুটি) মাটিত গজাবৰ নিমিত্তে ছাটি মাৰি দূৰলৈ পেলা
to scatter (seed) over land for growth
- পইৰীpoi.riMaterial Noun
খোজ কাঢ়োঁতে জুন-জুনাই যোৱা ভিতৰত জুনুকা ভৰোৱা ভৰিত পিন্ধা এবিধ অলঙ্কাৰ|
A jingling ornament worn round the ankles.
- পক উঠ্
পকি কোমল হ'বলৈ ধৰ্
to ripen; to suppurate
- পক ধৰ্
পকিবলৈ আৰম্ভ কৰ্ যেনে-"খহুবে পক ধৰিছে"
to begin to ripen; to begin to suppurate
- পক প্ৰণালীpok pro.na.liProper Noun
তামিলনাডু আৰু শ্ৰীলংকাৰ মান্নাৰ জিলাক পৃথক কৰা প্ৰনালী
The Palk Strait is a strait between the Tamil Nadu state of India and the Mannar district of the Northern Province of the island nation of Sri Lanka.
- পকটিয়াpo.ko.ti.yaVerb-Trans.
গৰু,উট আদি জন্তুৱে আধা খোৱা আহাৰ প্ৰথম পাকস্থলীৰ পৰা উলিয়াই আকৌ চুবাই খোৱা কাৰ্য
Chewing cud or hallf digested food returned to the mouth for further chewing by ruminant animals like cow, camel, etc.
- পকটীয়াpakaṭīẏāTransitive verb
মুখৰ ভিতৰত ঘূৰাই-পকাই চোবা
to chew turning round and round in the mouth
- পকতিpakatiNoun
চক্ৰাকাৰ গতি; যেনে-"হোম ধূম পকতি দেখিয়া সীতা আগে" (মা. ক., অযোধ্যাকাণ্ড)।
- পকতীয়াpakatīẏāNoun
এবিধ ডাঙৰ খহু
a kind of big boil
- পকনিpakani
কৱ. বি. খহু বা যা কোনো কোনো বেমাৰৰ পকা অবস্হা
suppuration
- পকনি উঠ্
পক উঠ্।
- পকনীpakanīAdjective
খহু বা পক ধৰোবা
a suppurative
- পকনীয়াpakanīẏāNoun
নৈৰ সোঁতৰ পাক; চাকনৈয়া; পকনীয়া পৰ্ পাক পৰ্ (নৈৰ সোঁতৰ)
to form a whirlpool
- পকমৌpok.mouCommon Noun
এবিধ সৰু ভেকুৰি গুটিৰ দৰে গুটি থকা গছ৷
Black nightshade is a fairly common herb or short-lived perennial shrub, found in many wooded areas, as well as disturbed habitats. Its erect, angular, branching stem grows 1 to 2 feet high and may be glabrous or covered with inward- bent hairs. The leaves are alternate, dark green, ovate, and wavy-toothed or nearly entire. The fruit is a many-seeded, pea-sized, purple or black berry. The juice of the fresh herb is sometimes used for fever and to allay pain. The fruit is used as a cosmetic as rubbing the seeds on the cheeks remove freckles. Children extensively eat the mature fruit. The fruit has been used for diabetes.
- পকাpakāNoun
যিটো পকিছে।
- পকাTransitive verb
পূৰ্ণ বা পূৰঠ অবস্হা প্ৰাপ্ত কৰ্; পকিবলৈ দি; পকা কৰ্; . কৱদ
to cause to ripen
- পকা চপৰাpo.ka so.po.raAbstract Noun
শুকাই টান হোৱা মাটিৰ লদা৷
A clod of hardened dry soil.
- পকা তেল
উতলোবা বা তপত কৰা তেল
boiled or heated oil