কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উখল-মাখলu.khol-ma.kholAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- উখলিukhaliNoun
ধান বনা খুবলি; উৰাল
a block of stone or wood with a cavity or depression in the centre for cleaning rice with a foot pestle; a wooden mortar
- উখলীu.kho.liMaterial Noun
ঢেঁকিৰ দ্বাৰা শস্য পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ বা শিলৰ খোৰোং |
A block of stone or wood containing a hole in the center for cleaning grain with a <b><i>Dhenki</i></b>.
- উখল্-মাখল্ukhal-mākhalNoun
খৰ-খেদা কৰা হেতু হোবা গোলমাল; ছলস্হূল
bustle; hurried away
- উখহাu.kho.haProper Adj.
বিৰুদ্ধ বা ভিন্ন মতাৱলম্বী৷
No agreeing; dissenting
- উখহ্ukhahIntransitive verb
বিকাৰৰ বাবে গাৰ মঙহ ওখ হ; বেদনা বা আঘাতত গাৰ মঙহ ওফন্দ্
to swell
- উখহ্u.khohVerb-Intran.
সাধাৰণ আকাৰতকৈ ডাঙৰ হৈ পৰ্
to become larger and rounder than usual; to (cause to) increase in size or amount
- উখাukhāTransitive verb
অলপকৈ শুদাকৈ (লোণ, মচলা নিদিয়াকৈ) পানীত সিজা
to boil in water
- উখা-মুখাukhā-mukhāAdjective
নেভাবি-নিচিন্তি কাম কৰা; উতনুবা (মানুহ)
rash; inconsiderate
- উখিMaterial Noun
চুলিৰ গুৰিৰ মাখি-ছাল ছিগি এৰাই যোৱা শুকান চোকোৰা
small pieces of dead skin in a persons hair
- উখুবাukhubāTransitive verb
অলপকৈ শুদাকৈ (লোণ, মচলা নিদিয়াকৈ) পানীত সিজা
to boil in water
- উখুমাAdjective; Verb
বিণ উখুমা-উখুম উখুমা বস্ত্তৰ নিচিনা গোন্ধোবা; যেনে-"ভাতবোৰ উখুমা-উখুম গোন্ধাইছে"।
- উখুম্ukhumIntransitive verb
গাপ লাগি অলপ ভেকুৰি দুৰ্গন্ধযুক্ত হ
to be mouldy and stinking
- উখোবাukhobāAdjective
সিজাই ৰ'দত শুকুওবা ধানৰপৰা কৰা
made from paddy boiled in the sun
- উখোৱা চাউলu.kho`.wa sa.ulMaterial Noun
পৌষ্টিকতা বৃদ্ধিৰ বাবে, সিজোৱা ধান ৰ`দত শুকাই তাৰ পৰা প্ৰস্তুত কৰা চাউল
rice that has been prepared by boiling in the husk, in order to improve nutritional values and texture
- উখৰাukharāAdjective
কটুৰ; খৰাং; নীৰস; শুকান; সাৰ নথকা (মাটি)
barren; dry (said of land)
- উগugaNoun
উক; শাম কটা ৰোগৰ পুনৰ উৎপত্তি
a relapse
- উগতugata
উদয়-হোবা; উদিত; যেনে-"অভিনব সূৰ উগত তচু মাজে" (বৰগীত)
risen
- উগাৰugāraNoun
পেটৰপৰা মুখেদি বাজ হোবা বায়ু
a belch; eructation
- উগাৰ মাৰ্
উগাৰ্; মুখেদি পেটৰ বায়ু তোল বা বাজ কৰ্
to belch; to eructate