কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাবুকিbhābukiNoun
মিছা ভয় দেখুওবা কাৰ্য্য; মিছা ডাবি
a false threat
- ভাবুকি দেbha.bu.ki deVerb-Trans.
অপকাৰৰ ভয় দেখুৱা ।
To utter intentions of injury or punishment against.
- ভাবুৰীbhāburīAdjective
অকাজী; কাম কৰিব নজনা; ভাঁকৰী
unskilful (woman)
- ভাবেbhābeIndeclinable
প্ৰকাৰে
in a certain manner
- ভাবে পৰ্bhābe, parNoun
বিনয় কৰ্; নম্ৰ ভাব দেখুবা
to show humility; to humble one's self before another
- ভাবে ভাবেbhābe, bhābeAdverb
ভিন্নে ভিন্নে; ৰকমে ৰকমে; যেনে-"ভাবে ভাবে সবাহাক দেখাইলা শঙ্কৰ" (শঙ্কৰ-চৰিত)
distinctly; separately
- ভাবোঁতাbhābom̐tāNoun
যি মুনিহে ভাবে বা চিন্তা কৰে
a man who thinks; a thinker
- ভাবোদ্দীপকVerbal Adj.
চিন্তা ওপজাব পৰা বা চিন্তা কৰিবলৈ উদগনি যোগাব পৰা
stimulating interest or thought
- ভাব্bhābTransitive verb
চিন্ৎ; গুণ্
to think; to reflect
- ভাবৰbhābaraNoun
খেৰ, কুটা আদি অকামিলা বস্ত্ত; জাবৰ মাটি চহাওঁতে ওলোবা খেৰ, বন, গছৰ শিপা আদি
chaffs; sweepings; decayed leaves and grass thrown up by the plough
- ভাবৰিbhābariNoun
খেৰ, কুটা আদি অকামিলা বস্ত্ত; জাবৰ মাটি চহাওঁতে ওলোবা খেৰ, বন, গছৰ শিপা আদি
chaffs; sweepings; decayed leaves and grass thrown up by the plough
- ভামিনীbhāminīNoun
অভিমান থকা তিৰোতা।
- ভামোbha.mo`Proper Noun
ম্যানমাৰৰ উত্তৰে কাচিন প্ৰদেশৰ প্ৰসিদ্ধ চহৰ৷ অসম জীয়ৰী মানকুঁৱৰী ভামো আইদেউৰ নামেৰে চহৰখনৰ নামকৰণ হোৱা বুলি অসম বুৰঞ্জীত উল্লেখ আছে৷
Important city in norther myanmar in kachin state. It is said the name Bhamo is in the honour of Burmese queen and Assamese daughter Hemo Aideu.
- ভায্যAbstract Noun
an explanation of the meaning of another`s artistic or creative work
- ভালbhālaAdjective
সন্তোষ দিয়া; পৰিষ্কাৰ; ধুনীয়া; উচিত
pleasing; neat; nice; proper
- ভাল কৰ্bhal korVerb-Trans.
কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা
to bring back to a good condition after decay or damage
- ভাল পাbhāla, pā
চেনেহ কৰ্
to love
- ভাল-বেয়াbhal-beyaAbstract Noun
ভাল আৰু বেয়া দুয়োটা গুণ৷
The good or bad side of the property.
- ভাল-ভোলকাbhāla-bholakāNoun
শৰত কালত কামৰূপৰ ফালে 'মহ খেদোবা' উৎসবত কলঠৰুবা চোলা পিন্ধাই সজাই নিয়া বহুবা
a clown who goes begging from house to house in the beginning of the winter season on the pretence of driving away mosquitoes
- ভাল-মুখেbhāla-mukheAdverb
মিঠা কথা কৈ; অপ্ৰীতিকৰ কথা নোকোবাকৈ
with the pleasing words; without bitterness