কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদধিudadhiNoun
সাগৰ; যেনে-"কূৰ্ম্ম অবতাৰ ভৈলা ক্ষীৰোদধি- তীৰে" (কীৰ্ত্তন)
the ocean
- উদন্যাVerb-Intran.
পানী খোৱাৰ হেঁপাহ
the need of consuming water
- উদফাইud.phaiAbstract Noun
প্ৰায়েই এলাৰ্জিৰ ফলত সৃষ্টি হোৱা এবিধ দীৰ্ঘকালিন শ্বাসজনিত ৰোগ। এই ৰোগ হ'লে শ্বাস-প্ৰশ্বাস ঘন আৰু কষ্টদায়ক হয় আৰু কাহ হয়।
A chronic respiratory disease, often arising from allergies, that is characterized by sudden recurring attacks of labored breathing, chest constriction, and coughing
- উদভটudabhaṭaNoun
মন্দ কৰ্ম্ম; যেনে-"ৰামে ৰাজ্য নপাইলন্ত বিধিৰ কপটো ৰাজাও মৰিল কৈকেয়ীৰ উদভটে" (ৰামায়ণ)।
- উদভিজudabhijaNoun
উদ্ভিদ; যেনে-"স্বেদজ অণ্ডজ উদভিজ প্ৰাণীগণ" (
- উদম্ভৰিProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- উদযাপন কৰ্ud.ja.pon korVerb-Trans.
আনন্দৰ মুহূৰ্ত্তত প্ৰীতি-মেল বা ভোজ-ভাতৰ আয়োজন কৰ্
to arrange/throw a party on a happy occasion
- উদযাপিতud.ja.pi.toVerbal Adj.
যিটো উদযাপন বা পালন কৰা হৈছে
commemorated by organising ceremonies and festivities
- উদা-পদুমাudā-padumāAdjective
বাৰে-বাহতুবা; বহুনায়কীয়া; অনেকে একো খাপ মৰা
done by many without method; subject to the control of many
- উদাঁতudām̐taAdjective
উদঁতীয়া।
- উদাত্তudāttaNoun
সঙ্গীতৰ স্বৰবিশেষ। বিণ. উচ্চস্বৰযুক্ত।
- উদানudānaNoun
কণ্ঠত থকা বায়ুবিশেষ; যেনে-"উদানৰ ঊৰ্দ্ধনয়ন" (ক.গী.)
one of the five vital airs; the air which rises up the throat
- উদাপদুমাu.da.po.du.maProper Adj.
বহুলোকে একেলগে কোনো বাছ-বিচাৰ নোহোৱাকৈ কৰা ৷
Done by several person without method.
- উদামudāmaAdjective
উদ্দাম।
- উদাল-মাটিMaterial Noun
ঘৰৰ চাৰিওফালৰ উদং মাটি
open space around a homestead
- উদাসudāsaNoun
বিষয়ৰ প্ৰতি বিৰাগ; বৈৰাগ্য
indifference; ascetism
- উদাসীu.da.xiProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- উদাসীনudāsīnaAdjective
সংসাৰৰ বাহিৰত থকা; কেবলীয়া; সংসাৰৰ সুখ ইচ্ছা নকৰা
indifferent to the world or its happiness; living as an ascetic or celibate
- উদাসীনতাu.da.xi.no.taAbstract Noun
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
- উদাহৰণudāharaṇaNoun
কোনো বিষয়ৰ অৰ্থ বা প্ৰমাণ বেছি স্পষ্ট কৰিবলৈ উল্লেখ কৰা কথা; দৱষ্টান্ত; সূত্ৰৰ ভালকৈ বুজাবলৈ দেখুওবা প্ৰয়োগ; প্ৰমাণৰ স্হল
illustration; an example