কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুদ্ধৰ জাহাজju.dhor ja.hajCommon Noun
সমুদ্ৰ যুদ্ধত ব্যৱহাৰ হোৱা জাহাজ
a ship built and used for fighting in the sea
- যুদ্ধৰতjud.dho.ro.toVerbal Adj.
যুদ্ধ কৰি থকা
egnaged in a fight or war
- যুধিষ্ঠিৰyudhiṣṭhiraNoun
পাণ্ডবৰ জ্যেষ্ঠ বা ডাঙৰজন ভাই
the eldest of five Pāndavas
- যুধিস্থিৰju.dhis.thirProper Noun
পঞ্চ পাণ্ডৱৰ ডাঙৰজন৷ কুন্তিৰ ডাঙৰ পুতেক৷
Eldest of the Pandavs. Eldest son of Kunti
- যুধ্যমানProper Adj.
যি সংগ্ৰাম কৰে
one who struggles
- যুবyubaNoun
তৰুণ
a young man
- যুবকyubakaNoun
"যুবা" চোবাঁ।
- যুবতyubataNoun
ডেকা মানুহ; যেনে-"বেশ দেখি কিমতে প্ৰাণ ধৰে" (মা. ক., অযোধ্যাকাণ্ড) স্ত্ৰী. যুবতী।
- যুবত কালyubata, kālaNoun
ডেকা কাল; যৌবন
youth
- যুবাyubāNoun
ডেকা মানুহ
a young man
- যুবাইyubāiIntransitive verb
যোগ্য হয়; যেনে-"হেন কি কৱষ্ণক কন্যা দিবাক যুবাই" (ৰুক্মিণীহৰণ)।
- যুবানyubānaNoun
ডেকা; যেনে-"তুহো নব তৰুণী প্ৰধান। সো হৰি নবীন যুবান" (ভটিমা)
a young man
- যুবায়yubāẏaIntransitive verb
যোগ্য হয়; যেনে-"হেন কি কৱষ্ণক কন্যা দিবাক যুবাই" (ৰুক্মিণীহৰণ)।
- যুবাৰyubāraNoun
কুঁহিয়াৰৰ গছৰ নিচিনা গছেৰে এবিধ বাম খেতিত হোবা শস্য [আগত থোপা-থোপে ফুল আৰু সৰু সৰু ঘূৰণীয়া গুটি ধৰে; ভাটীফালে ই এটা প্ৰধান খাদ্য বস্ত্ত।]
Sorghum vulgare
- যুবৰাজyubarājaNoun
ডেকা ৰজা; বৰ্ত্তমান ৰজা মৰিলে যিজন ৰজা হয়; ৰজাৰ ডাঙৰ পুতেক
heir-apparent to a kingdom; a prince
- যুযুধানyuyudhānaNoun
সাত্যকি; যেনে-"দেখি দশগুণে বল পাইলা যুযুধান" (ৰুক্মিণীহৰণ)
- যুযুৎসুyuyutsuAdjective
যুদ্ধ কৰিবলৈ ইচ্ছুক
- যুৰীয়াyurīẏāAdjective
যোৰ পাতি থকা; . বয়সত সমান; যেনে-"হৰি ৰামৰ যুৰীয়া"
consisting of a couple or pair ; equal in age
- যুৰীয়া উপাধিৰju.ri.ya u.pa.dhirAdjective Adj.
দুটা উপাধি থকা, যেনেঃ শৰ্মা-পাঠক,৷দুয়োটা উপাধিক কেতিয়াবা "-"চিনেৰে সংযোগ কৰা হয়৷
of a family name having two parts, sometimes joined by a hyphen e.g. Day-Lewis.
- যুৱ প্ৰজন্মju.wo pro.jon.moCommon Noun
ডেকা গাভৰু,যুৱক যুৱতী বা তৰুণ প্ৰজন্মৰ দল৷ ,
the young people (young men and women) considered as a group.e.g. the youth of the country.