কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেক্সিṭeksiNoun
ভেৰোণীয়া মটৰ গাড়ী।
taxi
- টেক্ন`লজীAbstract Noun
বিজ্ঞানৰ সূত্ৰসমূহ উদ্যোগ আদিত ব্যৱসায়িক লক্ষ্যত প্ৰয়োগ কৰা।
The application of science, especially to industrial or commercial objectives.
- টেগবাহাদুৰteg.ba.ha.durProper Noun
শিখসকলৰ নবম গুৰু৷ মিৰজুমলা অসম আক্ৰমণৰ সময়ত শিখ গুৰু টেগবাহাদুৰ সহিতে পাঁচজন পীৰ মীৰজুমলাৰ বাহিনীৰ সৈতে আহিছিল৷
Guru Tegh Bahadur, revered as the ninth Nanak, was the ninth of the ten Gurus of the Sikh religion. A poet, a thinker, and a warrior, Guru Teg Bahadur carried forward the light of Guru Nanak`s sanctity and divinity.
- টেঙাṭeṅāAdjective
অম্ল; মুখত চোকা লগা
acid; sour
- টেঙা আঞ্জাte.nga an.jaMaterial Noun
নেমু, বিলাহী, ঔটেঙা আদি(ৰ কোনোবাটো)দি ৰন্ধা শাক-পাতৰ টেঙা সোৱাদযুক্ত আঞ্জা৷
a traditional Assamese curry which is sour in taste, usually prepared by mixing lemon, tomato etc.
- টেঙা দি
টেঙা লগা মনত কষ্ট বা অসন্তোষ দি; বিৰক্তি দি
to cause displeasure; to grieve
- টেঙা মৰা
b >2/b>।
- টেঙা-পানীṭeṅā-pānīNoun
পিত্তৰ দোষত পেটত হোবা টেঙা পানী বা ৰস
acidity of the stomach
- টেঙা-মৰাṭeṅā-marāNoun
মৰাপাতৰ নিচিনা পাতেৰে এবিধ খেতিত হোবা টেঙা শাক [ইয়াৰ দুবিধ; এবিধ ৰঙা আৰু ইবিধ সেউজীয়া বৰণৰ; মৰাৰ দৰে ইয়াৰ ছালেৰে জৰী বাটিৰ পাৰি; ইয়াৰ আৰু এটা উপজাতি আছে-দেও-মৰা।]
the Rozelle; the red sorrel; Hibiscus sabdariffa
- টেঙাই মহনte.ngai mo.honProper Noun
প্ৰথম তাই-অসমীয়া শব্দকোষ বৰঅম্ৰ প্ৰণেতা৷ ১৭৯৫ চনত লিখা তাই-অসমীয়া শব্দকোষ৷ তাই বৰ্ণমালাৰে লেখা৷
First person to write a Tai-Assames lexicon `Bar-amra` in the year 1795. It is written in Tai language script.
- টেঙাবলte.nga.bolMaterial Noun
কেচা ৰবৰ টেঙাৰ বল যাক ফুটবল হিচাপে খেলা হয়৷
Pomelo used to play as football.
- টেঙামূৰিṭeṅāmūriNoun
লঘোনৰ কষ্টত মূৰ ঘূৰাই মূৰ্চ্ছাৰ নিচিনা হৈ কথা ক'ব নোবৰা অবস্হা
the fainting or giddiness caused by fasting
- টেঙামৰাtenga.moraCommon Noun
মাছৰ লগত খোৱা এবিধ টেঙা শাক ৷
A kind of edible sour plant, people used to prepare sour carry with fish.
- টেঙুচিয়াIntransitive verb
পেঙুৰিয়া; লেঙুৰিয়া; লেকেচিয়া; অলপ খোৰাই খোজ কাঢ়্
to limp; to walk lamely
- টেঙুচ্ টেঙুটকৈṭeṅuc, ṭeṅuṭakaiAdverb
খোৰাই; দুপিয়াই খোজ কাঢ়ি; লেকেচিয়াই; পেঙুৰিয়াই
limping
- টেঙেচিte.nge.siCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- টেঙেচি শাকte.nge.si xakCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- টেঙেচীṭeṅecīAdjective
অলপ অলপ টেঙ
slightly acid
- টেঙেচী শাকte.nge.si xakCommon Noun
A plant of the oxalis family that gets the name acetosella because of its sour taste.
- টেঙেচী- পতীয়াAdjective
টেঙেচী শাকৰ পাতৰ সদৱশ (অলঙ্কাৰ আদিৰ গাত বছা ফুল)।