কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেকটেকীয়াṭekaṭekīẏāAdjective
বোকা-পানীৰে গেল্গেলীয়া; বোকা- পানী লগা
full of mud; wet and muddy
- টেকলিMaterial Noun
মাটিৰে নিৰ্মিত গোলাকাৰ সৰু মূখৰ পাত্ৰ
Rounded vessel often made of earth clay or ceramic
- টেকেনাṭekenāNoun
পিয়ন এৰা দমৰা
a newly weaned male calf
- টেকেলাṭekelāNoun
ৰাজকীয় কৰ্ম্ম কৰা সামান্য শ্ৰেণীৰ বিষয়া; দূত
a peon; a messenger
- টেকেলা-বৰা
আহোম ৰজাৰ দিনৰ
- টেকেলিṭekeliNoun
ঘট; কলহতকৈ সৰু ডিঙি থকা মাটিৰ পাত্ৰ
a small earthen jar with a neck
- টেকেলি কোদোte.ke.li ko`.do`Common Noun
টেকেলিৰ নিচিনা বাহ সাজি থকা ডাঙৰ কোদো৷
a species of hornet.
- টেকেলি পিঠাte.ke.li pi.thaMaterial Noun
টেকেলি এটাৰ ভিতৰত গৰম পানী ভৰাই ওপৰৰ পিনে কোনো বাচন ৰাখি পানীৰ ভাপত চাউলৰ গুৰি, গুৰ, নাৰিকলেৰে বনোৱা এবিধ পিঠা৷
Rice flour of Xaali saul (sunned rice) and Bora saul is mixed with coconut, sugar. A earthenware, half filled up with water is set on a hearth. A neat clothe is placed on the beam of the pitcher and the flour mixture is put in it. Now the beam is covered with a cork and fire is set in the hearth. The substance is baked with the heat of vapor comes from inside the pitcher and subsequently takes a shape. Now it is cut into pieces like a cake and served with tea. This pitha is so called because a tekeli (earthenware) is used in it.
- টেকেলি, চেকেলি দিয়াṭekeli, cekeli, diẏāNoun
জোৰণ পিন্ধাবৰ দিনা দৰা-ঘৰৰপৰা কন্যা-ঘৰলৈ পানী তোলা টেকেলি লৈ যোবা [বিয়াৰ আগতে দৰাৰ ঘৰৰপৰা অলঙ্কাৰ আৰু টেকেলি দুটা কইনাৰ ঘৰলৈ পঠাই দিয়ে; এটা টেকেলিত চাউল ভৰোবা থাকে; চাউল থকাটো কইনাৰ ঘৰত থৈ আছে খালিটো কইনাৰ হতুবাই চোবাই আনি তাৰে দৰাক নোবাবলৈ পানী তোলে।]
a prenuptial marriage rite that takes place two or three days before the actual nupital ceremony
- টেকেলি-পেটীয়াte.ke.li-pe.ti.yaProper Adj.
পেট ডাঙৰ মানুহ।
Person with a protruding stomach.
- টেকেলীয়া-কোদাṭekelīẏā-kodāNoun
এবিধ কোদো।
- টেকেলীয়া-লেংṭekelīẏā-lemNoun
সৰু ল'ৰা-ছোবালীৰ পেট উখাহ হোবা হাগনি
a kind of infantile diarrhoea
- টেকোṭekoNoun
ঘিলা খেলত মাটিত পাতি থোবা ঘিলা, যালৈ ঘাই ঘিলাটো মাৰি পঠিয়ায়।
- টেক্কাṭekkāNoun
এবিধ তাচ।
- টেক্কা মাৰ্
আনৰ ওপৰত লাভ কৰ্।
- টেক্টেকনিNoun
টেক্টেক কৰা কাৰ্য্য।
- টেক্টেকাIntransitive verb
খৰকৈ আৰু টানকৈ কথা ক; কেট্কেটা; হাই কৰ্
to speak harshly or noisily
- টেক্টেকীṭekṭekīAdjective
কথা-চহকী (তিৰোতা)।
- টেক্টেক্ṭekṭekNoun
মাইকী পাতিহাঁহৰ ঘন ঘনকৈ মতা মাত
an imitative word used to express the sharp quacking of a duck
- টেক্সṭeksaNoun
কৰ; ৰাজহ; মাচুল।
tax