কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টুৰুংṭurumNoun
আইটনীয়া।
- টুৱেনচাংtu.wen.sangProper Noun
নগালেণ্ডৰ এখন জিলা ইয়াৰ সদৰ ঠাই৷
Tuensang District is the largest and the eastern most district of Nagaland, a state in North-East India. Its headquarters is Tuensang.
- টেঁটনিṭem̐ṭaniNoun
ম'হৰ মাত; সেই নিচিনা নাকেদি ওলোবা মাত
the bellowing of a buffalo or a similar sound
- টেঁটাIntransitive verb
ম'হৰ দৰে মাৎ
to bellow like buffaloes
- টেঁটুṭem̐ṭuNoun
কণ্ঠ; নেলু; ডিঙি
the forepart of the neck
- টেঁটু চেপি মাৰte~.tu.se.pa marVerb-Trans.
শ্বাসনলী বা ডিঙি মুচৰি দে, বিশেষকৈ হত্যা কৰাৰ উদ্দেশ্যে
Squeeze the windpipe or neck, esp. so as to kill
- টেঁটু চেপ্te~.tu sepVerb-Trans.
শ্বাসনলী বা ডিঙি মুচৰি দে, বিশেষকৈ হত্যা কৰাৰ উদ্দেশ্যে
Squeeze the windpipe or neck, esp. so as to kill
- টেঁটুচেপাte~.tu.se.paVerbal Noun
কাৰোবাৰ ডিঙিত বৰ জোৰেৰে, উশাহ প্ৰায় বন্ধ হৈ যোৱাকৈ মৰা চেপা৷
a strong grip around somebody's neck that makes it difficult to breathe; it may even kill.
- টেঁটুবাṭem̐ṭubāAdjective
ডিঙিত বৰকৈ আঠি ধৰা; ডিঙিত টান হৈ চেপা খাই ধৰা
stiffly tight about the neck
- টেঁটুবা খা, টেঁটুবা লাগ্
ডিঙিত টান হৈ চেপা খাই ধৰ্।
- টেঁটুৱাte~.tu.waProper Noun
গৰু আৰু ভেড়াৰ গাত হোৱা কিন্তু মানুহৰ দেহলৈও সোঁচৰিব পৰা এবিধ মাৰাত্মক ৰোগ৷
an infectious, often fatal disease of cattle, sheep, and other mammals, transmitted to humans by contaminated animal products.
- টেঁটেৰা পৰ্, টেঁটেৰা লাগ্
খীণা; চেৰেলা হ; লেৰেলা হ
to be emaciated; to be lean and thin
- টেঁট্টেঁটনি
টেঁট্-টেঁট্কৈ মতা কাৰ্ষ্য।
- টেঁট্টেঁট্ṭem̐ṭṭem̐ṭNoun
টেক্টেক।
- টেঁবাṭem̐bāNoun
পোনেই ওপজা ল'ৰাই ডাঙৰকৈ কন্দাৰ নিচিনা শব্দ
an imitative word used to express the cry of a newly born child
- টেংটেঙীয়াṭeṇṭeṅīẏāAdjective
টান আৰু কৰ্কশ (মাত)
harsh
- টেংৰাteng.raCommon Noun
এচিয়া মহাদেশৰ নদী, খাল, বিল আদিত পোৱা এবিধ বাকলি নথকা মাছ।
Stinging catfish or airsac catfish are found mainly in ponds, ditches, swamps and marshes, but sometimes occurs in muddy rivers of Asia (India, Pakistan, Sri Lanka to Mayanmar). Can tolerate slightly brackish water. Omnivorous. Breed in confined waters during the monsoon months, but can breed in ponds, derelict ponds and ditches when sufficient rain-water accumulates. Oviparous, distinct pairing possibly like other members of the same family . In great demand due to its medicinal value. Grows up to 30 cm in length.
- টেই-টুকিṭei-ṭukiAdverb
টুকি-টাকি; চুঁচি-পাচি; অলপো নথকাকৈ
without leaving a jot
- টেইটুকিtei.tu.kiAdverb
কাঁহী আদিত অকণো খাদ্য নেৰাকৈ খোৱা৷
to eat without leaving anything on the plate.
- টেকṭekaNoun
নৈৰ ওচৰৰ মাজৰ টিকা বা টুমনি; নৈৰ ওচৰৰ মাজৰ সংকীৰ্ণ ওখ মাটি
narrow high land enclosed by a bund of a river