কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেক্chekTransitive verb
অতি ক্ষুদ্ৰ থকা কোনো বস্ত্ত বা কাপোৰৰ মাজেদি সৰকাই পৰিষ্কাৰ কৰ্
to strain; to filter
- ছেখchekhaNoun
মুছলমানৰ ভিতৰত এটা প্ৰধান ফৈদ
a class of Mussalmans
- ছেগchegaNoun
কোনো কাৰ্য্যৰ মাজত খন্তেকীয়া আজৰি সময়
an interval
- ছেগ চা
চল চা; সুযোগ বিচাৰ্; সুচল বিচাৰ্
To look for a fit time or opportunity
- ছেগ বুজিseg bu.jiAdverb
উপযুক্ত সময়-সুবিধা চাই
siezing the best opportunity
- ছেগ মাৰি
চল চাই; সুযোগ চাই; সুচল পালেই; সময় বুজি
when an opportunity is available
- ছেগা-চোৰোকাchegā-corokāAdjective
এঠাইত হোবা এঠাইত নোহোবা; মাজে মাজে বা মাজে-সময়ে হোবা; কোনো কোনো ঠাইত বা সময়ত হোবা; যেনে-"ছেগা-চোৰোকা খেতি বা বৰষুণ"
occasional; occurring here and there
- ছেগা-চোৰোকাকৈAdverb
ঠায়ে ঠায়ে; মাজে-সময়ে।
- ছেগেchegeAdverb
কোনো সুবিধাত; কোনো চলত
at a fitting opportunity or interval
- ছেটেলাইট ডি.এন.এNoun
অনুষংগী, ছেটেলাইট ডি.এন.এ
অনুষংগী, ছেটেলাইট ডি.এন.এ
- ছেতাৰchetāraNoun
এবিধ গুণা লগাই বজোবা দীঘল নাল আৰু এমূৰে লাওখোলা লগোবা বাদ্য-যন্ত্ৰ
a kind of stringed musical instrument
- ছেত্ৰীse.triAbstract Noun
A surname of the Nepali community
- ছেদchedaNoun
সীমা; অন্ত; শেষ
the end or limit of a thing
- ছেদ কৰ্sed korVerb-Trans.
+ বা x ৰ দৰে কোনো ৰেখা, ৰছী, পথ আদিক ভাগ কৰা বা এটাৰ/এদালৰ ওপৰেৰে আনটো/আনএদাল পাৰ হৈ যোৱা।
to devide by crossing or cutting; (of lines, roads etc.) to cross each other like + or x.
- ছেদ-ভেদcheda-bhedaNoun
অন্ত; সীমা; খন্তেকীয়া বিৰাম; যেনে-"তাৰ কথা কোবাৰ ছেদ-ভেদ নাই"
stoppage; temporary cessation
- ছেদকNoun
যি ছেদ কৰে; কাটোঁতা
one who cuts
- ছেদক দাঁতse.dok da~tMaterial Noun
কামুৰিবলৈ আৰু মাংস ফালিবলৈ ব্যৱহাৰ কৰা জন্তুৰ দীঘল, জোঙা দাঁত। মানুহৰো কুকুৰ দাঁত থাকে।
A long, pointed tooth of animals/men used for biting and tearing flesh.
- ছেদনNoun
কটা কাৰ্য; কাটন
the act of cutting
- ছেদনীয়Adjective
কাটিবৰ উপযুক্ত; কাটিব লগা
to be cut; fit to be cut
- ছেদিতcheditaAdjective
যাক কটা হৈছে; ছেদন কৰা
cut