কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দুবালি লাজNoun
shame
- চন্দুৱাProper Adj.
মানসিক অস্থিৰতা বা সাজু নোহোৱা অৱস্থাত থকা
being in a tense; unprepared state
- চন্দুৱা পৰ্son.do.wa porVerb-Intran.
লজ্জা অনুভৱ কৰ্
to be abashed; to feel ashamed or embarrassed
- চন্দুৱালিson.du.wa.liAbstract Noun
নিজে বা আনে কৰা কোনো অসন্মানজনক, অনুপযুক্ত বা হাস্যকৰ কামৰ কথা ভাবি হোৱা দুখজনক অনুভূতি।
the painful feeling arising from the consciousness of something dishonorable, improper, ridiculous, etc., done by oneself or another.
- চন্দোবাৰcandobāraNoun
চন্দ্ৰতাপ
a canopy
- চন্দোৱাৰson.do`.warMaterial Noun
ডাঙৰ লোক বহা অথবা দেৱতাৰ মূৰ্তি থোৱা ঠাইৰ ওপৰত তৰা কাপোৰ ।
A cover over a bed or head for shelter or decoration
- চন্দ্ৰcandraNoun
জোন; শশধৰ
the moon
- চন্দ্ৰ বিন্দুson.dro bin.duAbstract Noun
অসমীয়া ভাষাত নাসিক উচ্চাৰণ সূচোৱা ঁ চিহ্ন
The sign (ঁ) used to indicate nasal sound in Assamese
- চন্দ্ৰ-কলাNoun
চন্দ্ৰৰ ষোল ভাগৰ এভাগ; যেনে-"আঁউসীৰপৰা পূৰ্ণিমালৈকে চন্দ্ৰৰ দিনে এক এক কলা বাঢ়ে"; . চন্দ্ৰৰ ষোল কলা নাম -(
one sixteenth part of the moon
- চন্দ্ৰ-বন্ধনীson.dro-bon.dho.niAbstract Noun
( ), সাহিত্যত আৰু গণিতত ব্যৱহাৰ চিহ্ন৷
A pare of symbol "( )"use in literature and in mathematics.
- চন্দ্ৰ-মণ্ডলcandra-maṇḍalaNoun
চন্দ্ৰৰ ঘূৰণীয়া মেৰ বা আকাৰটো
orb or disc of the moon
- চন্দ্ৰ-শেখৰcandra-śekharaNoun
মহাদেব; শিব।
- চন্দ্ৰকson.drokMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- চন্দ্ৰকান্তcandrakāntaNoun
চন্দ্ৰৰ ৰশ্মিৰপৰা হোবা বুলি খ্যাত এবিধ কাল্পনিক মণি [চন্দ্ৰৰ কিৰণত ইয়াৰ সৌন্দৰ্য্য বাঢ়ে।]
a fabulous gem; the moon stone
- চন্দ্ৰকান্তিcandrakāntiNoun
এবিধ ফুল
a kind of flower
- চন্দ্ৰকিৰণson.dro.ki.ronAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰকীCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- চন্দ্ৰকৰson.dro.korAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰগুপ্তcandraguptaNoun
আগৰ মগধ দেশৰ এজন বিখ্যাত ৰজা
a famous ancient king of Magadha
- চন্দ্ৰগুপ্ত মৌৰ্য্যson.dro.gup.to mour.jyoProper Noun
মৌৰ্য্য বংশৰ প্ৰথম ৰজা৷ খ্ৰী পূ ২৯৮৷
The founder of the Maurya Empire and the first emperor to unify most of Greater India into one state. He ruled from 322 BCE until his voluntary retirement and abdication in favour of his son, Bindusara, in 298 BCE