কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দশকৰ্ম্মdaśakarmmaNoun
হিন্দুৰ কৰিব লগীয়া দহবিধ শাস্ত্ৰীয় সংস্কাৰ; "দশ সংস্কাৰ" চোবাঁ।
- দশগ্ৰীবdaśagrībaNoun
ৰাবণ; দশানন; যেনে-"মাৰি দশগ্ৰীব জনকৰ জীব" (গুণমালা)।
- দশগ্ৰীৱdoxo.gribProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- দশধাdaśadhāNoun
দহ ৰকমে; দহবাৰ।
- দশনdaśanaNoun
দাঁত
a tooth
- দশপিণ্ডdaśapiṇḍaNoun
মৰাৰ পাছত দহদিনলৈ মৱতকক দিনৌ দিয়া পিণ্ড
the ten oblations made to the dead by a Hindu on the ten days following the death
- দশপ্ৰচেতাdaśapracetāNoun
শিব-ভক্ত দহজন মুনি বা প্ৰজাপতি; যেনে-"কহিছে আপুনি হৰে দশ-প্ৰচেতাত" (ৰত্নাবলী)
the ten special saints or progenitors of mankind
- দশপ্ৰহৰণধাৰিণীdo.xo.pro.ho.ro.no.dha.ri.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দশবলdo.xo.bolCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- দশবায়ুdaśabāẏuNoun
মানুহৰ শৰীৰত থকা পান, অপান, ব্যান, সমান, উদান, নাগ, কূৰ্ম্ম, কুকৰ, দেবদত্ত আৰু ধনঞ্জয়, এই দহোটা বায়ু যেনে-"তাহাতে সঞ্চাৰি ফুৰে প্ৰাণ বায়ু দশ" (অনাদি-পাতন)।
- দশভুজাdo.xo.bhujProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দশভূজাdaśabhūjāNoun
দহখন হাত থকা।
- দশমdaśamaNoun
দহোটাৰ ভিতৰত শেষৰটো
the tenth
- দশমিকdaśamikaAdjective
অখণ্ড ৰাশিৰ দহভাগৰ এভাক-সম্পৰ্কীয়া (ভগ্নাংশ)
decimal
- দশমিক বিন্দুdo.xo.mik bin.duAbstract Noun
স্বাভাৱিক সংখ্যাৰ অখণ্ড অংশক ভগ্নাংশৰ পৰা পৃথক কৰা বিন্দু
The point used to seperate the integer part from the fractional part of a real number
- দশমীdaśamīNoun
কৱষ্ণ বা শুক্লপক্ষৰ দশম তিথি
the tenth lunar day
- দশমুখdo.xa.mukhProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- দশমুণ্ডdoxo.mun.doProper Noun

- দশস্কন্ধdaśaskandhaNoun
ৰাবণ; যেনে-"মূৰ্চ্ছা গেয়া দশস্কন্ধ ৰথত পৰিল" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)।
- দশহাৰাdo.xo.ha.raAbstract Noun
আহিন মাহৰ শুক্ল পক্ষৰ দশমদিনৰ তিথি৷ দুৰ্গা পূজাৰ শেষ দিন।
A Hindu festival that celebrates the victory of good over evil. It is a gazetted holiday in India, which is marked on the 10th day of the bright half (Shukla Paksha) of the month of Ashvin (Ashwayuja), according to the Hindu calendar. Colorful Ravana head effigies are burned on this day.