কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢলং-পলংḍhalam-palamAdjective
টলং-ভটং
rocking or rolling as a boat
- ঢলং-পলং কৰ্dho.long po.long korVerb-Intran.
ভাৰসাম্য নোহোৱাকৈ আগলৈ বা কাষলৈ কৰা গতি৷ দেখাত এনেহে লাগে যেন ব্যক্তিজন পৰিব৷
to make sudden, unsteady movement forward or sideways as if about to fall.
- ঢলকুচিয়াḍhalakuciẏāIntransitive verb
মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি খৰকৈ উশাহ ল; কাপ কাপ কৰ্; কলঢপ কলঢপ কৰ্
to roll and gasp for breath, like an animal about to die
- ঢলঢলḍhalaḍhalaAdjective
ঢলঢলীয়া; যেনে-"শ্যাম তনু শোহে চাৰু কাঁচ ঢলঢল" (বৰগীত)।
- ঢলঢলীয়াḍhalaḍhalīẏāAdjective
জলি বা জিলিকি থকা (অঙঠা আদি)
burning; galring
- ঢলাḍhalāIntransitive verb
গলোবা ধাতু সাঁচত ঢলাই কোনো বস্ত্ত নিৰ্ম্মাণ কৰা
to cause to be cast or founded
- ঢলা বিছনাdho.la bi.so.naMaterial Noun
মাটি বা পকাত অৰ্থাৎ মজিয়াত পৰা (অস্থায়ী) বিছনা৷
a makeshift bed on the floor.
- ঢলা-বিছনাḍhalā-bichanāNoun
বহিবলৈ মাচিত পাৰি দিয়া বহল বিছনা
a wide cloth spread on the ground to sit on
- ঢলি পৰ্dho.li porVerb-Intran.
To move from the normal upright position.
- ঢলিয়াḍhaliẏāIntransitive verb
ঢাল ল; হল ল; বৈ থকা ফালৰপৰা আন এফালে ব'বলৈ ধৰ্
lean to one side; to begin to flow in another direction (as a river)
- ঢলুবাḍhalubāAdjective
সাঁচত ঢালি গঢ়া; ঢলা
cast; founded
- ঢলো-পৰোḍhalo-paroAdverb
হাবাথুৰি খাই; পৰোঁ পৰোঁ হোবাকৈ (লৰ মৰা); যেনে-"ঢলো-পৰো কৰে পলাই পাচক নচাই" (ৰুক্মিণী-হৰণ)
- ঢল্ḍhalIntransitive verb
কাতি হ; হল্; হলি যা
to incline; to deviate from a perpendicular position
- ঢাঁচḍhām̐caNoun
অকস্মাৎ গধুৰ বস্ত্ত মাটিত বা চেপেটা বস্ত্তত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that of a heavy thing falling flat on the ground
- ঢাঁচ কৰেAdverb
ঢাঁচ শব্দ কৰি।
- ঢাঁহি-ঢুঁহিḍhām̐hi-ḍhum̐hiAdverb
আঁজুৰি-পিজুৰি; টানি-আঁজুৰি
by drawing and pulling; struggling
- ঢাঁহি-মুহিḍhām̐hi-muhiAdverb
একেবাৰে উবাৰি; একেবাৰে নাইকিয়া কৰি; ভাঙি-ছিঙি
totally ruining or laying waste
- ঢাকḍhākaNoun
বহুত মানুহ ঘূৰণীয়াকৈ শাৰী পাতি, বান বা ভেটালৈ মাছ ছৰাই নিয়া কাৰ্য্য
the act of driving fish into an enclosure or trap by a line of fishing people
- ঢাক খা
আচ্ছাদিত হ; আঁৰ হ; নেদেখা হ
to be covered
- ঢাক-ছালNoun
গাৰ কোন অংশ ঢাকি থকা নিচেই পাতল ছাল; মাখি ছালৰ তলৰ পাতল ছাল
the cuticle; the skin below the epidermis; a membrane