কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইউৰোপিয়ানiu.ro`.pi.yanProper Noun
ইউৰোপ(য়ুৰোপ)মহাদেশৰ লোক বা যাৰ পূৰ্বপুৰষ তাৰ পৰা অহা।
a person who is or whose ancestors are from Europe. In British English it also means a person who supports the European Union.
- ইউৰোপীয়iuropīẏaAdjective
ইউৰোপ মহাদেশ-সম্বন্ধীয়; ইউৰোপত উৎপন্ন; ইউৰোপৰ অধিবাসী
European
- ইউৰোপীয় মহাসংঘiu.ro.pi.yo mo.ha.xong.ghoAbstract Noun
মূলতঃ পশ্চিম ইউৰোপৰ ২৮ খন দেশৰ সন্মিলিত আৰ্থ-ৰাজনৈতিক সংঘ৷
The European Union is a politico-economic union of 28 member states that are located primarily in Europe. It covers an area of 4,324,782 km², with an estimated population of over 508 million.
- ইউৰোপীয় সংঘiu.ro`.pi.yo xong.ghoAbstract Noun
মূলতঃ পশ্চিম ইউৰোপৰ ২৮ খন দেশৰ সন্মিলিত আৰ্থ-ৰাজনৈতিক সংঘ৷
The European Union is a politico-economic union of 28 member states that are located primarily in Europe. It covers an area of 4,324,782 km², with an estimated population of over 508 million.
- ইউৰোপৰiu.ro`.porAdjective Adj.
ইউৰোপত থকা, ইউৰোপৰ পৰা অহা বা তাৰ সৈতে জড়িত, সম্পৰ্কীয়।
somebody or something from, of or related to Europe.
- ইকট-বিকটikaṭa-bikaṭaNoun
বেয়া সোবাদ বা গোন্ধ পাই মুখ বিকৱত কৰা কাৰ্য্য।
- ইকট-সিকটikaṭa-sikaṭaNoun
(কাম আদি কৰোঁতে অনিচ্ছাৰ ভাব দেখুবাই) মুখ ইফাল-সিফাল কৰা কাৰ্য্য।
- ইকটা-সিকটাikaṭā-sikaṭāNoun
(কাম আদি কৰোঁতে অনিচ্ছাৰ ভাব দেখুবাই) মুখ ইফাল-সিফাল কৰা কাৰ্য্য।
- ইকাণ-সিকাণikāṇa-sikāṇaNoun
এজনৰ কাণৰপৰা আন এজনৰ কাণলৈ, তাৰপৰা আৰু আন এটাৰ কাণলৈ, এই দৰে ক্ৰমাৎ প্ৰচাৰ হোবা; ক্ৰমে জনাজাত হোবা; যেনে -ইকাণ-সিকাণ সহস্ৰ কাণ
act of spreading from one's ear to another's
- ইকাতি-সিকাতিikāti-sikātiNoun
লৰ-চৰ; ইফাল-সিফাল; যেনে-গাৰ বা কথাৰ ইকাতি-সিকাতি
turning side; prevarication
- ইকাথি-সিকাথিi.ka.thi-xi.ka.thiAdverb
বিছনাত ইফাল-সিফাল বা ইকাথি-সিকাথি হোৱা৷
turn forward and backward on bed or otherwise
- ইকান-সিকানikāna-sikānaNoun
কান-সলোবা; একানৰপৰা আন কানলৈ নিয়া
changing shoulders
- ইকাৰikāraNoun
ই আখৰ; বিশেষকৈ "ি"; "ই", "ি"।
the vowel ; especially the symbol
- ইকুল-সিকুলikula-sikulaNoun
দুই কুল বা বংশ; পিতৱ-মাতৱৰ বংশ বা স্বামী আৰু পিতৱ-বংশ
both families
- ইকুৱেডৰi.ku.we.dorProper Noun
দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিমত এখন সতন্ত্ৰ দেশ।
Ecuador, officially the Republic of Ecuador is a representative democratic republic in northwestern South America, bordered by Colombia on the north, Peru on the east and south, and the Pacific Ocean to the west.
- ইকূল-সিকূলikūla-sikūlaNoun
দুয়োপাৰ; উভয় পাৰ
both the banks
- ইক্ষণAbstract Noun
চকুৰে লাভ কৰা ইন্দ্ৰিয়ানুভূতি বা চকুৰ সংবেদন ক্ষমতা
the act or power of sensing with the eyes
- ইক্ষুikṣuNoun
কুঁহিয়াৰ
the sugarcane
- ইক্ষ্বাকুikṣbākuNoun
সূৰ্য্য-বংশৰ আদি ৰজা; শ্ৰাদ্ধদেব মনুৰ নাতি
the name of the first king of the solar race
- ইক্ষৱi.khyobCommon Noun
এবিধ ঘাঁহ জাতীয় ৫-৭ ফুটমান ওখ গছ৷ ইয়াৰ পৰা চেনি তৈয়াৰ কৰা হয়৷
a tall grass of tropical and warm regions, having a stout, jointed stalk, and constituting the chief source of sugar.