কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দলিলকৰণAbstract Noun
বিবিন্ন ধৰণৰ তথ্য বা ঘটনাক লিখিত ৰূপত শ্ৰেণীভুক্ত কৰি ৰখাৰ ব্যৱস্থা৷
the process of classifying and annotating texts etc.
- দলিয়নি
চপৰাণি; দলীয়াই পেলা দূৰলৈ নিক্ষেপ কৰ্; অগ্ৰাহ্য কৰ্
to throw away; to reject
- দলিয়াdo.li.yaVerb-Trans.
হাতৰ সৰুগাঁঠিৰ সহায়ত জোৰেৰে কোনো বস্তু আঁতৰলৈ মাৰি পঠিয়া
to propel something in the air by an initial force such as rapid movement of the wrist.
- দলিয়া- দলি
এজনে আনজনলৈ দলিওবা কাৰ্য্য
act of pelting each other with stones, etc.
- দলিয়াই দেdo.li.yai deVerb-Trans.
হাতৰ সৰুগাঁঠিৰ সহায়ত জোৰেৰে কোনো বস্তু আঁতৰলৈ মাৰি পঠিয়া
to propel something in the air by an initial force such as rapid movement of the wrist.
- দলিয়াওঁতাFeminine
দলিয়াঁতী।
- দলীয়
দল-সম্পৰ্কীয়
pertaining to a party
- দলে-বলেdale-baleAdverb
সমস্ত সৈন্য আৰু আহিলা-পাতিৰে সৈতে
with the full force or complements, as of an army
- দলেবলেdo.le.bo.leAdverb
নিজৰ দল বা সমৰ্থকক লগত লৈ।
taking one`s group or party with.
- দলৈdo.loiCommon Noun
Leader of a team or a group of people
- দলৈ লামাCommon Noun
তিব্বতীয় বুদ্ধ ধৰ্মৰ্ আটাইতকৈ গুৰুত্ব পূৰ্ণ ভিক্ষু৷ বৰ্তমানৰ জন আটাইতকৈ দীৰ্ঘকাল থকা আৰু চতুৰ্দশজন৷
Important monks of the Gelug school, the newest school of Tibetan Buddhism which is nominally headed by the Ganden Tripas. Present 14th Dalai Lama is longest surviving.
- দলৌ-বাঁহdalau-bām̐haNoun
দীঘল আৰু বৰ ফোঁপোলা পাৰ থকা এবিধ ডাঙৰ জাতিৰ বনৰীয়া বাঁহ
a variety of wild bamboo
- দল্dalTransitive verb
মৰ্দ্দন কৰ্; ভাঙ্; ভাঙি-ঠিঙি মোহাৰি পেলা; সমূলি নষ্ট কৰ্
to crush; to destroy totally
- দশdaśaNoun
দহ
ten
- দশ-ডাঙৰdaśa-ḍāṅaraAdjective
ডাঙৰ হৈ বিয়াৰ উপযুক্ত বয়স পোবা; পুষ্পোৎসব হোবা; দশ পোবা; কন্যাকাল হোবা
attaining puberty or womanhood
- দশ-মুখdaśa-mukhaNoun
দশানন; ৰাবণ।
- দশ-মূলdaśa-mūlaNoun
ঔষধত ব্যবহাৰ হোবা দহবিধ গছৰ শিপা; যেনে- কণ্টকাৰী, গমাৰী, গোক্ষুৰ, টকুনা, পাৰলি, বিয়নী-সাবটা, বেল, ভূতমূলা, ভেকূৰী, মাছ-কাঁইটা।
- দশ-সংস্কাৰdaśa-saṃskāra
হিন্দুৰ কৰিব লগীয়া দহবিধ কৰ্ম্ম, যেনে-গৰ্ভাধান, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম্ম, নামকৰণ, অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, সমাবৰ্ত্তন, বিবাহ
ten purificatory rites of the Hindus
- দশকdaśakaNoun
এটাতকৈ বেচি অঙ্ক থকা সংখ্যাৰ বাওঁফালৰ দ্বিতীয় অঙ্ক
the tenth place
- দশকৰ্মdaśakarmaNoun
হিন্দুৰ কৰিব লগীয়া দহবিধ শাস্ত্ৰীয় সংস্কাৰ; "দশ সংস্কাৰ" চোবাঁ।