কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যিফালেji.pha.leAdverb
যি দিশত, অৰ্থাৎ নিৰ্দ্দিষ্টকৈ উল্লেখ নকৰা কোনো এক দিশত
in whichever direction
- যিমানyimānaAdjective
যি পৰিমাণ বা সংখ্যাৰ; যতেক; যেতেটি
as much; as many
- যিশুyiśuNoun
খ্ৰীষ্টিয়ান ধৰ্ম্মৰ প্ৰবৰ্ত্তক
Jesus
- যিহকেPronoun
ফলাফল বা পৰিণতিৰ কথা চিন্তা নকৰি কোনো কাম কৰা৷
Do or carry out some action without considering the consequence.
- যিহকে পায় তিহকেji.ho.ke pay ti.ho.keAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- যিহকে-তিহকেji.ho.ke-ti.ho.keAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- যিহকে-তিহকে, যিহকে পায় তিহকেyihake-tihake, yihake, pāẏa, tihakeAdverb
একো বাদ-বিচাৰ নকৰাকৈ
indiscriminately
- যিহেতুji.he.tuConjuction
কোনো কাৰণ বশতঃ
for the reason that, on account of; word used to connect cause and effec
- যিয়েই নহওকPronoun
ফলাফল বা পৰিণতিৰ কথা চিন্তা নকৰি কোনো কাম কৰা৷
Do or carry out some action without considering the consequence.
- যীশুji.xuProper Noun
খ্ৰীষ্ট ধৰ্মৰ মূল প্ৰচাৰক/প্ৰতিস্থাপক৷
The founder of Christianity. He is believed by Christians to be the Son of God and to have been miraculously conceived by the Virgin Mary, wife of Joseph.
- যীশুখ্ৰীষ্টji.xu khris.toProper Noun
খ্ৰীষ্ট ধৰ্মৰ মূল প্ৰচাৰক/প্ৰতিস্থাপক৷
The founder of Christianity. He is believed by Christians to be the Son of God and to have been miraculously conceived by the Virgin Mary, wife of Joseph.
- যুঁজju~jAbstract Noun
দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons.
- যুঁজ কৰ্ju~j korVerb-Trans.
সাহস আৰু সংকল্পৰে যুদ্ধ কৰা, শত্ৰুক পৰাস্ত কৰিবলৈ সম্ভাব্য সকলো কৌশল প্ৰয়োগ কৰা৷
To contend with in battle; to war against; as, they fought the enemy in two pitched battles; to engage in combat.
- যুঁজ-বাগ্ju~j-bagAbstract Noun
দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons.
- যুঁজন্তাyum̐jantāNoun
যুঁজোঁতা; যোদ্ধা
a fighter
- যুঁজাyum̐jā
সক. ধা যুঁজ বা ৰণ লগা; মৰামৰি লগা; খুন্দা লগা; জোঁটাপুটি লগা
to cause to fight; wrestle, etc.; to cause one to strike against another
- যুঁজাৰুNoun
যি যুঁজ বা যুদ্ধ কৰে
a fighter; a combatant
- যুঁজাৰু জাহাজju~.ja.ru ja.hajCommon Noun
সমুদ্ৰ যুদ্ধত ব্যৱহাৰ হোৱা জাহাজ
a ship built and used for fighting in the sea
- যুঁজাৰু বিমানju~.ja.ru bi.manMaterial Noun
বায়ুক্ষেত্ৰৰ যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰসজ্জিত বিমান৷
aircrafts designed for high speed and maneuverability and are armed with weapons capable of striking other aircraft in flight.
- যুঁজ্yum̐jIntransitive verb
যুদ্ধ কৰ্; ৰণ কৰ্; পৰস্পৰক প্ৰহাৰ কৰ্; এজনে আনজনক পেলাবলৈ চেষ্টা কৰ্; জোঁটা পুটি কৰ্
to flight; to wrestle; to struggle