কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইষ্টদেবNoun
নিজৰ উপাশ্য দেবতা
the deity chosen by one for worship; a tutelary divinity
- ইষ্টদেবতাNoun
নিজৰ উপাশ্য দেবতা
the deity chosen by one for worship; a tutelary divinity
- ইষ্টদেৱis.to.debCommon Noun
উপাসনা কৰিবৰ কাৰণে নিজে প্ৰছন্দ কৰি লোৱা দেৱতা ৷
the god of one's choice for worship. a tutelary divinity.
- ইষ্টদেৱতাis.to.de.bo.taCommon Noun
উপাসনা কৰিবৰ কাৰণে নিজে প্ৰছন্দ কৰি লোৱা দেৱতা ৷
the god of one's choice for worship. a tutelary divinity.
- ইষ্টবাদীNoun
নিজৰ বাঞ্ছা পূৰণ কৰাই জীবনৰ উদ্দেশ্য, এনে মতৰ লোক
seeker of self-interest; opportunist
- ইষ্টবিয়োগVerbal Noun
আপোন বা ঘনিষ্ঠজনৰ মৃত্যু
death of one`s kins or beloved person
- ইষ্টান্তিকiṣṭāntikaNoun
বন্ধুতা
friendliness
- ইষ্টাৰ্চনiṣṭārcanaNoun
ইষ্ট বা নিজ দেবতাৰ পূজা
the act of worshipping one's tutelary deity
- ইষ্টাৰ্চ্চনiṣṭārccanaNoun
ইষ্ট বা নিজ দেবতাৰ পূজা
the act of worshipping one's tutelary deity
- ইষ্টিis.tiAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- ইষ্মis.moProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- ইষৎ হাঁহিi.xot ha~.hiAbstract Noun
আনন্দ, আমোদ আদি প্ৰকাশ কৰিবলৈ মুখৰ সামান্য ভাঁজ কৰি কৰা অভিব্যক্তি।
A facial expression characterized by an upward curving of the corners of the mouth and indicating pleasure, amusement, or derision.
- ইস্isIndeclinable
দুখ, বিৰক্তি, বেজাৰ আদি ভাব-প্ৰকাশক মাত
an exclamation of pain, disgust or sorrow
- ইস্কাবনiskābanaNoun
তাচখেলৰ এবিধ পাত
one of the playing cards
- ইস্তফাistaphāNoun
পৰিত্যাগ কৰা; মাটি বা কাম এৰা
relinquishment; resignation
- ইস্তফা দেis.to.fa deVerb-Intran.
বিষয়বাব বা পদবী এৰি দে
Give up office or relinquish his official position
- ইস্তাহাৰistāhāraNoun
জাননী বা ঘোষণা-পত্ৰ
a notification or proclamation
- ইস্ত্ৰিistriNoun
ধোবা আৰু দৰ্জ্জীয়ে কাপোৰ মিহি আৰু সমান কৰা এবিধ লো বা পিতলৰ যতন
estirar ; smoothing iron; washerman's iron
- ইস্ত্ৰী কৰ্is.tri korVerb-Trans.
গৰম ইস্ত্ৰী ব্যৱহাৰ কৰি কোচ খোৱা, অসমান কাপোৰ সমান, মিহি কৰা
to make clothes with a hot iron.
- ইস্পাটispāṭaNoun
শোধন কৰা লো; তীখা
espade ; steel