কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছিদিৰchidiraNoun
এজাতি অপকাৰী উপদেবতা; ভূত
a devil; an evil spirit
- ছিদিৰীয়াAdjective
ছিদিৰে পীড়া কৰা লোকক চিকিৎসা কৰা (ওজা)
treating a man possessed with evil spirit
- ছিদ্ৰchidraNoun
বিন্ধা
a hole
- ছিদ্ৰ কৰ্si.dro korVerb-Trans.
সঁজুলিৰ সহায়ত ফুটা কৰ্
make a hole especially with a revolving tool
- ছিদ্ৰকালNoun
আক্ৰমণ কৰিবলৈ সুবিধাৰ সময়; যেনে -"ছিদ্ৰকাল লভিলন্ত দেব হৱষীকেশ" (প্ৰহ্লাদ-চৰিত্ৰ)
an opportunity for attack
- ছিদ্ৰযুক্তsi.dro.juk.toProper Adj.
কোনো বস্তুৰ মূলাধাৰত ফুটা বা সৰু আনুবিক্ষণিক খালি ঠাই থকা
having pores or small often microscopic spaces within the solid matrices of a material
- ছিদ্ৰান্বেষকchidrānbeṣakaNoun
লোকৰ দোষ বিচাৰি ফুৰা মানুহ; আনৰ অপকাৰ কৰিবলৈ চল বিচৰা মানুহ
a fault-finder; one seeking an opportunity for injuring another
- ছিদ্ৰান্বেষীchidrānbeṣīNoun
লোকৰ দোষ বিচাৰি ফুৰা মানুহ; আনৰ অপকাৰ কৰিবলৈ চল বিচৰা মানুহ
a fault-finder; one seeking an opportunity for injuring another
- ছিধাchidhāAdjective
পোন
straight
- ছিনকোনাchinakonāNoun
কুইনাইন প্ৰস্ত্তত কৰা এবিধ গছ।
- ছিনাক্তchināktaAdjective
কোনো বস্ত্তৰ আগেয়ে জনা চিন দেখি তাক অমুক বস্ত্ত বুলি নিৰ্ণয় কৰা; যেনে-"চোৰে নিয়া মাল চিনাক্ত কৰিছে"
identified; recognised
- ছিনেগগsi.ne.gogCommon Noun
ইহুদীসকলৰ উপাসনা গৃহ৷
a building where the Jews meet for worship.
- ছিন্দ্chindTransitive verb
ছিং; যেনে-"লোহাৰ জিঞ্জিৰি মানে ছিন্দিয়া পেলাইল" (ভীম-চৰিত্ৰ)।
- ছিন্নchinnaAdjective
কটা; কটি খণ্ড কৰা; ছেদন কৰা
cut; served
- ছিন্ন হsin.no hoVerb-Trans.
টুকুৰা-টুকুৰ হ বা খণ্ড খণ্ড হ
to get severed or torn into pieces
- ছিন্ন-ভিন্নAdjective
অনেক ঠাইত পৰা; ঠাই ঠাই কৰা বা হোবা; ছেদেলি-ভেদেলি; সিঁচৰতি
dispersed; scattered about
- ছিন্নমন্তাchinnamantāAdjective
দুৰ্গা বা কালীৰ এক আকৱতি [তাত তেওঁ আপোনাৰ মূৰটো আপুনি কাটিডিঙিৰ ওপৰত এনেভাবে ধৰিছে যে তাৰপৰা ওলোবা তেজবিলাক বৈ মুখত পৰিছে।]
a form of a Kālī or Durgā with her head cut off and drinking her own blood
- ছিন্নমস্তকAbstract Noun
মূৰ কাটি পেলোৱা কাৰ্য
the act of cutting or seperating the head from rest of the body.
- ছিন্নমূলsin.no.mulProper Adj.
মূলৰ সৈতে অৰ্থাৎ নিজৰ সমাজ বা সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক নথকা
having no roots, esp (of a person) having no ties with a particular place or community
- ছিন্নিchinniNoun
ঈশ্বৰ, পীৰ বা মহন্তৰ উদ্দেশে চেনি, কল, ময়দাৰে মুছলমানে কৰা নৈবেদ্য-বিশেষ
sweets offered to God or a saint by a Muslim