কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উঠঙাuṭhaṅāAdjective
অলপ ওখ; অলপ দাং খোবা
slightly prominent or protruding
- উঠঙা-উঠং, উঠঙ্গা- উঠঙ্গAdjective
খলা-বমা; কোৰোকা-কুৰুকি; ওখ-চাপৰ
uneven; undulating
- উঠঙা-পিঠীয়াu.tho.nga-pi.thi.yaAdjective Adj.
পিঠি বেঁকা কৰি থিয় হোৱা বা পিঠিত ভাঁজ থকা
characteristic of or suffering from kyphosis, an abnormality of the vertebral column
- উঠঙ্গাuṭhaṅgāAdjective
অলপ ওখ; অলপ দাং খোবা
slightly prominent or protruding
- উঠনuṭhanaNoun
উঠা কাৰ্য্য
the act of rising or mounting
- উঠন হ
কন্যা-কাল হ
to attain puberty
- উঠনাuṭhanāNoun
পাছে বেচ দিবৰ নিয়মে বস্ত্ত কিনা; উধাৰ; কালিয়ন
act of buying things on credit
- উঠনা খা
ধাৰলৈ বস্ত্ত কিন্; ; উঠনা দি
to buy on credit ; to sell on credit
- উঠলুuṭhaluAdjective
বৰকথীয়া; ডাংকোপ মৰা; অহঙ্কাৰী
proud boastful
- উঠাuṭhāTransitive verb
ওপৰলৈ দাং; তোল্; দূৰ কৰ্; নিৰ্ম্মূল কৰ্
to raise; bring up; remove; root out
- উঠাই দেu.thai deVerb-Trans.
To revoke, discontinue or invaidate something
- উঠানuṭhānaNoun
পৰ্ব্বতৰ শৱঙ্গ; ওখ ঠাই; যেনে-"আকাশ লঙ্ঘিয়া আছে একৈক উঠান" (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)।
- উঠি বহ্uṭhi, bah
আৰোগ্য হ; উন্নতি কৰ্
to be cured; to be prosperous
- উঠি ৰজা বহি ৰজাu.thi ro.ja bo.hi ro.jaCommon Noun
নিজ ইচ্ছাৰে সব কাম কৰোতা
Who exercises his own power to do everything
- উঠি-অহাuṭhi-ahāAdjective
ডাঙব-দীঘল হৈ অহা; উন্নতিশীল
growing rising
- উঠি-পৰি লাগ্uṭhi-pari, lāg
অত্যন্ত পূৰুষাৰ্থ কৰ্; বৰ চেষ্টা কৰ্
to try very hard
- উঠি-ৰজাuṭhi-rajāNoun
পাটত উঠা আচল ৰজা
de facto king
- উঠেলিuṭheliNoun
উমৈহাত; কেইবাজনৰো অধিকাৰ; দুই বা অধিক লোকৰ থকা ভাগ
common possession or ownership
- উঠেলীয়াu.the.li.yaProper Adj.
দুই, ততোধিক বা উল্লেখিত সকলোৰে সমান ভাগ বা দখল থকা
belonging equally to, or shared alike by, two or more or all in question
- উঠোঁতাu.tho`~.taCommon Noun
ঘোঁৰা বা আন জন্তুৰ পিঠিত উঠা অথবা চাইকেল বা অন্য বাহনত উঠা লোক
a person who mounts or rides a horse or other animal, a bicycle or other vehicle, etc.