কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খমাৰীkhamārīNoun
কাৰবাৰ কৰা মানুহ; যেনে-"পহাৰী খমাৰী যোগনীয়া বৱত্তিয়াৰ" (গদাপৰ্ব্ব)
a business-man; a trader
- খমিৰkhamiraNoun
আটাগুড়িৰ পিঠা (পাওৰুটি আদি) পাগত বা ভাপত সিজাওঁতে ওফন্দি পৰিবলৈ মিহলাই দিয়া তাল বা খজুৰৰ ৰস
leaven; yeast
- খম্ খম্khom khomAbstract Noun
মুগা বা মেজাংকৰিৰ ন-কাপোৰ, মৰুৱা কাপোৰ, তুলাপাত আদি লৰালে হোৱাৰ নিচিনা শব্দ৷
An imitative sound used to express the rustle of cloth or paper.
- খম্খমনিNoun
খম্খম কৰা কাৰ্য্য।
- খম্খমিNoun
খম্খম কৰা কাৰ্য্য।
- খম্খমীয়াAdjective
খম্খম শব্দ কৰা।
- খম্খম্khamkhamNoun
তুলাপাত, ঠৰঙা বা মাড় দিয়া কাপোৰ আদি লৰাওঁতে হোবাৰ নিচিনা শব্দ; . অক. দা
an imitative word used to express the rustling sound of paper or stiff cloth, etc.
- খলkhalaNoun
লগনীয়া বা টুটকীয়া মানুহ; হিংসুক; কুটিল মানুহ; সূচক; দুৰ্জ্জন
a back-biter; an envious man; a crocked man; tale-bearer
- খলংMaterial Noun
ডিমাচা সকলে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি
a fishing device made of bamboo.
- খলকkhalakaNoun
পানীৰ আফালনিত হোবা শব্দ; কহ্লোল; কোৰ্হাল; হাই-উৰুমি
an imitative word used to express the sound produced by dashing or violent agitation of water; a loud confused noise
- খলক
বা খলকনি লাগ্ কহ্লোল কৰ্; কোৰ্হাল কৰ্; যেনে-"বতাহত পানী খলকিছে; পুখুৰীত মাছে খলক লগাইছে"
to make confused or roaring noise
- খলক-ধ্বনি
বৰ ডাঙৰ হাই বা কোৰ্হাল
a loud noise; roar
- খলকনি
খলক্ খলক্ কৰা কাৰ্য্য।
- খলকিMaterial Noun
গোটা বস্তুৰ পৰা এটা ক্ষুদ্ৰ অংশ আঁতৰালে হোৱা গাঁত।
A small opening or materials removed from a solid object.
- খলক্
বা খলকনি লাগ্ কহ্লোল কৰ্; কোৰ্হাল কৰ্; যেনে-"বতাহত পানী খলকিছে; পুখুৰীত মাছে খলক লগাইছে"
to make confused or roaring noise
- খলনায়কkhol.na.yokCommon Noun
গল্প, উপন্যাস, চিনেমা আদিৰ কাহিনীৰ মূল দুষ্ট চৰিত্ৰ যি সাধাৰণতে নৈতিক ভাবে নিকৃষ্ট আৰু আনৰ দুখ কষ্ট, পতনৰ বাবে জগৰীয়া৷
the main bad character in a story, cinema etc.who has a low morale and is responsible for suffering and downfall of others.
- খলপkhalapa
[সং. কল্প] তৰপ; বখলা
a stratum; a layer
- খলপাkhalapā
[সং. কল্প] তৰপ; বখলা
a stratum; a layer
- খলপা-খলপAdjective
কেইবাথাকো থকা; কেইবাতৰপীয়া
having many shelves, storeys or layers
- খলপা-খলপি
কেইবাখলপো থকা; তৰপীয়া; যেনে-"তিনি-খলপীয়া"
having strata, storeys or shelves