কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থোপনাCommon Noun
একলগ কৰি বান্ধি বা গোটাই থোৱা একে ধৰণৰ বহু বস্তু|
a number of things of the same type fastened or closely grouped together.
- থোপাthopāNoun
থোকা; একেডাল ঘাই ঠাৰিতে লগা ফুল বা সৰু সৰু ফলৰ জোঁটা; . সৰু বা ভাল থোপা বুজাবলৈ থুপি হয়।
a bunch; a cluster
- থোপা কৰ্
কোঁচাই একেলগ কৰ্
to contract into mass
- থোপা খা, থোপ হ
গোট খা; একেলগ হ; একত্ৰ হ
to be gathered or collected together
- থোপা-থোপAdjective
অনেক থোপা কৰা
formed into many clusters
- থোপে-গোপেthope-gopeAdverb
ভালকৈ নজনাকৈ বা প্ৰকাশ নহোবাকৈ; থাপে-থূপে
vaguely; without giving particulars; hushed-up
- থোপোকাtho`.po`.kaProper Adj.
চুটি-চাপৰ আৰু শকত |
Short and stout; of relatively large and cumbersome bulk or size.
- থোপোৰাthoporāAdjective
থোপা এটাৰ নিচিনা কিন্ত্ত অলপ ঘূৰণীয়া
like a lump; roundish
- থোপোৰা লাগি থাক্
কোনো কামত নলগা বা ব্যবহাৰ নোহোবা হৈ পৰি থাক্
to lie useless
- থোবনNoun
থোবা কাৰ্য্য; স্হাপন কৰা কাৰ্য্য; ৰখা কাৰ্য্য
the act of placing
- থোবনthobanaNoun
থোবা বা ৰখা কাৰ্য্য
the act of placing or keeping
- থোল-গুলীয়াthola-gulīẏāAdjective
গলিয়ন; সিজি বা পকি কোমল হোবা
soft
- থোল-গোলthola-golaAdjective
গলিয়ন; সিজি বা পকি কোমল হোবা
soft
- থোলোকাtholokāAdjective
নোদোকা; পুষ্ট; মঙহাল
fleshy; plump
- থোহ্ মোহ্ খা
লাজ বা ভয়ত নিমাত হ।
- থোহ্-মোহ্thoh-mohAdjective
লাজ বা ভয়ত মাতিব নোবৰা হোবা; নিৰুত্তৰ
abashed and unable to speak
- থোৰthoraNoun
অলপ; এখন্তক; বিণ. খন্তেকীয়া; যেনে-"জীবন যৌবন থোৰ। সব মায়াময় ছোৰ" (বৰগীত)।
- থোৰ নেল্Verb root
গোপনীয় কথা প্ৰকাশ কৰ্
to reveal a secret
- থোৰ ভাং
চুৰিয়া মুঠিয়া; ঘন ঘনকৈ ভাঙি জাপ্
to plait a waist-cloth
- থোৰতেAdverb
ভালকৈ প্ৰকাশ নকৰাকৈ; আগ-গুৰি নভঙাকৈ; মুঠতে; ; বিণ. থোৰালি থোৰাৰ নিচিনা গোটা আৰু দীঘল; থোৰাৰ নিচিনা গুৰিলৈ ক্ৰমে ডাঙৰ আৰু আগলৈ ক্ৰমে সৰু
by mere hints; without details; in a nutshell ; long and round; tapering