কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উজীৰujīraNoun
মন্ত্ৰী; মুছলমান ৰজাই ভাল মানুহক দিয়া উপাধি
a minister; a nobleman
- উজুujuAdjective
কোমল; সৰল; ঢিলা; সহজে বুজিব পৰা
easy
- উজু কৰ্Verb-Trans.
(এটা কাৰ্য বা প্ৰক্ৰিয়াক) সহজ কৰ্ ৷
make (an action or process) easy or easier.
- উজুটিujuṭiNoun
খোজ কাঢ়ি যাওঁতে ভৰিৰ আঙুলিত বা আগ ফালে লগা খুন্দা
a trip; a stumble
- উজুটি খাu.ju.ti khaVerb-Intran.
গতি কৰি থাকোঁতে হঠাৎ কোনো প্ৰতিবন্ধকত খুন্দা খাই বাগৰি পৰ্
to fall over as a result of encountering an obstacle while being in motion
- উজুবাujubāTransitive verb
উজাই দি; আগ বঢ়াই, মূৰৰ ফালে চলিবলৈ, পূবলৈ যাবলৈ বা সোঁতৰ বিৰুদ্ধে যাবলৈ বাধ্য কৰ্
to cause to go upstream; to advance or to move in the direction of the head
- উজ্জলতাuj.jo.lo.taAbstract Noun
পোহৰেৰে ভৰি থকা অৱস্থা
the state of being full of light
- উজ্জীৱিতuj.ji.bi.toVerbal Adj.
জীৱনী শক্তিৰে সজীৱ কৰি তোলা
endowed with life or vigour
- উজ্জীৱিত কৰ্uj.ji.bi.to korVerb-Trans.
জীৱনী শক্তি বা সঞ্জীৱনীৰে সজীৱ আৰু শক্তিশালী কৰি তোল্; মনৰ সজীৱতা জগাই তোল্।
to energize with vitality; to fill with life(force).
- উজ্জ্বলujjbalaAdjective
চক্চকীয়া; জল্মলীয়া; জিলিকা; দীপ্তিমন্ত; পোহৰ কৰা
glittering; bright; glorious
- উজ্জ্বল কৰ্uj.jol korVerb-Intran.
light up a place or some object
- উজ্জ্বলতাujjwalotaAbstract Noun
পোহৰেৰে ভৰি থকা অৱস্থা
the state of being full of light
- উজ্জ্বলিতAdjective
প্ৰকাশিত; পোহৰ পোবা; জিলিকা
lighted
- উজ্জ্বয়িনীujjbaẏinīNoun
মালব দেশৰ অন্তৰ্গত অবস্তীনগৰ; বিক্ৰমাদিত্য ৰজাৰ ৰাজধানী [ইয়াৰ আন নাম বিশালা]
a famous city in Mālava (once the capital of Vikramāditya]
- উজ্জ্বৰujjbaraAdjective
উজ্জ্বল; জিলিকা
bright
- উজ্জৰিতujjaritaAdjective
উজ্জ্বলিত প্ৰকাশিত; . যেনে-"উজ্জৰিত ৰতন ভূষণ অঙ্গ ভাঙ্গিয়া" (বৰগীত)।
lighted
- উজ্নাujnāTransitive verb
তাঁত বাঁতি কৰোঁতে আঙুলিৰে উজাই নি খুঁটিত সূতা ভৰাই দি।
- উজ্বলতাuj.jwo.lo.taAbstract Noun
পোহৰেৰে ভৰি থকা অৱস্থা
the state of being full of light
- উজৰাujarāAdjective
উজাৰ; উচ্ছন্ন; যেনে-"উঝৰা ভিঠিত যেন থাকি গৈল স্তম্ভ" (মা.ক. সুন্দৰাকাণ্ড)।
- উজৰ্ujarIntransitive verb
অস্হিৰ হ; জিকাৰ খা; উজাৰ খা; হঠাতে ভয় পাই গা জোঁকাৰ্; চঁক-খাই গা-মূৰ জোঁকাৰি বা ছৰ্ম্মুৰ কৰি উঠ্ (প্ৰায় জাক পাতি থকা জন্ত্ত); যেনে-"মোবাহ উজৰিছে"
to stir; to be disturbed or roused