কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঞ্চপল্লৱpon.so.pol.lobAbstract Noun
পাঁচ বিধ গছৰ পাতৰ সমষ্টি; যেনে-আম, আঁহত, বৰ, যজ্ঞ-ডিমৰু আৰু পলাশ-গছৰ পাত
the leaves of five-specific trees required in Hindu worship.
- পঞ্চপাণ্ডৱpon.so.pan.dobProper Noun
মহাভাৰতত উল্লেখিত কুৰু বংশৰসদস্য পাণ্ডুৰ পাঁচ পুট্ৰত্ৰ৷ এওঁলোক হৈছেঃ যুধিষ্ঠিৰ,ভীম,অৰ্জুন (এওঁলোকৰ মাক কুন্তী) নকুল আৰু সহদেৱ (এওঁলোকৰ মাক মাদ্ৰী) ৷ আচলতে তেওঁলোকৰ বাপেক একো একোজন দেৱতা যুধিষ্ঠিৰ (ধৰ্মৰাজ যম), ভীম(পৱনদেব), অৰ্জুন (ইন্দ্ৰ) আৰু নকুল আৰু সহদেৱ (অশ্বিনীদ্বয়)৷
In the Hindu epic Mahābhārata, the Pandava brothers are the five acknowledged sons of Pandu by his two wives Kunti and Madri. Their names are Yudhishtira, Bhima, Arjuna, Nakula and Sahadeva.
- পঞ্চপ্ৰদীপpon.so.pro.dipAbstract Noun
আৰতি কৰোঁতে ব্যৱহাৰ কৰা পাঁচডাল শলিতা জ্বলাব পৰা চাকি৷
a metal lamp with five wicks.
- পঞ্চপ্ৰাণpañcaprāṇaNoun
দেহৰ ভিতৰত থকা পঞ্চ বায়ু; যেনে-প্ৰাণ, অপান, উদান, ব্যান আৰু সমান
the five vital airs in the body
- পঞ্চপৰ্বpañcaparbaNoun
পাঁচ বিধ অবিদ্যা বা অজ্ঞান; যেনে-তমঃ, অহংভাব, তামিস্ৰ (ক্ৰোধ আদি); অন্ধতামিস্ৰ (মৱত্যু-ভয়) আৰু ধন-পুত্ৰ
five kinds of ignorance
- পঞ্চপৰ্ব্বpañcaparbbaNoun
পাঁচ বিধ অবিদ্যা বা অজ্ঞান; যেনে-তমঃ, অহংভাব, তামিস্ৰ (ক্ৰোধ আদি); অন্ধতামিস্ৰ (মৱত্যু-ভয়) আৰু ধন-পুত্ৰ
five kinds of ignorance
- পঞ্চবটীpañcabaṭīNoun
গোদাবৰী নৈৰ পাৰত থকা আৰু ৰাবণে সীতাক হৰি নিয়া নাসিক বোলা ঠাই
Nasik, whence Rāvaṇa took away Sītā
- পঞ্চবাণpañcabāṇaNoun
মতা-তিৰোতাৰ প্ৰীতি জন্মোবা কামদেবৰ পাঁচপাট শৰ [উন্মাদন, তাপন, শোষণ, সম্মোহন আৰু স্তম্ভন]
the five arrows of the Indian Cupid
- পঞ্চবিংশpon.so.bing.xoAbstract Noun
বিছতকৈ পাঁচ বেছি৷
five more than twenty,the symbol denoting 25.
- পঞ্চবিংশ তত্ত্বpañcabiṃśa, tattbaNoun
বুদ্ধি আৰু চৌবিশ-তত্ত্ব; 'চৌবিশ তত্ত্ব' চোবাঁ।
- পঞ্চবিংশতিpon.so.bing.so.tiAbstract Noun
বিছতকৈ পাঁচ বেছি৷
five more than twenty,the symbol denoting 25.
- পঞ্চবিংশতিতমpon.so.bing.xo.ti.tomAbstract Noun
বিছতকৈ পাঁচ বেছি৷
five more than twenty,the symbol denoting 25.
- পঞ্চবৰ্গpañcabargaNoun
ব্যঞ্জনমালাৰ ক-বৰ্গ, চ-বৰ্গ, ট-বৰ্গ, ত-বৰ্গ আৰু প- বৰ্গ
the five classes of Indian consonants, guttural, palatal, cerebral, dental and labial
- পঞ্চভূজpañcabhūjaNoun
পাঁচোটা বাহু থকা ক্ষেত্ৰ
a pentagon
- পঞ্চভূতpañcabhūtaNoun
পৱথিবী, আকাশ, জুই, বায়ু আৰু পানী
the five elements, viz., earth, air, water, and fire
- পঞ্চমpañcamaAdjective
পাঁচৰ সংখ্যা পূৰ কৰা
- পঞ্চমকাৰpon.som.karAbstract Noun
বমাচাৰী শাক্তবিলাকৰ উপাসনাৰ পাঁচোটা প্ৰধান বস্তু৷ সেই আটাইবিলাক ’ম’ আখৰেৰে আৰম্ভ৷ যেনে- মদ, মঙহ, মাছ, মুদ্ৰা (ভজা বস্তু) মৈঠুন (ৰতিক্ৰিয়া)৷
the five essentials of worship according to the doctrine held by the heterodox followers of the Tantras, viz spirituous liquor, flesh, fish, fried gram and copulation.
- পঞ্চমবেদpon.som.bedAbstract Noun
ভাৰতৰ দুই জাতীয় মহাকাব্যৰ এখন৷ ব্যাসদেৱৰ দ্বাৰা ৰচিত ৷ পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু দীঘল মহাকাব্য বিলাকৰ মাজৰ এখন৷
India's national epic (along with the RAMAYANA).The MAHABHARATA (the great story of Bharata i.e. India)is a great Sanskrit epic of ancient India wriiten by Vyasa. Composed sometimes in 500 B.C. and divided into 18 parvas(books/chapters). it is one of the oldest and longest epics in the world. The BHAGAVADA GEETA is a part of this poem.
- পঞ্চমহাপাতকpon.so.mo.ha.pa.tokAbstract Noun
পাঁচোটা মহাপাপ৷ যেনে- ব্ৰহ্মবধ, সুৰাপান, গুৰুভাৰ্য্যা গমন, সোণ চুৰি, আৰু এইসকলৰ সংসৰ্গ৷
the five great sins viz, murder of a Brahman, drinking of wine, adultery with the wife of one`s spiritual preceptor or of persons of his status, theft of gold and association with a man guilty of any of these offences.
- পঞ্চমীpañcamīNoun
কৱষ্ণ বা শুক্ল পক্ষৰ পঞ্চম দিন
the fifth lunar day