কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খপজপাkhop.jo.paVerb-Intran.
কম সময়ত বহুত কাম কৰিবলৈ দি কাৰোবাক বিপাঙত পেলোৱা বা খেলিমেলি লগোৱা; বিপাঙত পৰা, খেলিমেলি লগা; আন্ধাৰত কিবা বস্তু বিচাৰি খেলিমেলি লগা।
to be confused or to make somebody confused or nervous by asking them to hurry or do lots of works at short time.
- খপাkhapāAdjective
বিশুদ্ধ; ; যেনে-"খপা সোণ"।
pure; purified
- খপি সোধ্khapi, sodh
খপিয়াই সোধ্
to cross-question
- খপিয়াkhapiẏāTransitive verb
এন্ধাৰ বা চকুৰে দেখি নোপোবাৰ কাৰণে হাত বা ভৰিৰে উমান ধৰি বিচাৰ্; খেপিয়া; যেনে-"পানীত মাছ খপিয়া"
to grope for or search by feeling with the hand or foot
- খপীয়াkhapīẏāAdjective
লোকৰ ঘৰত পেট পুহি থকা; চপনীয়া
living as a dependant in the house of another man
- খপুবাkhapubāNoun
কোনো ঠাইলৈ যাওঁতে বাটত কিছু বেলি ৰোবা কাৰ্য্য
a halt or stopping on a march
- খপুবা বা চাপৰ হৈkhapubā, bā, cāpara, hai
মাটিত হাতেৰে খপিয়াই (লোকে নেদেখাকৈ) যা বা আগ বাঢ়্ (শত্ৰুক বা চোৰক ধৰিবলৈ)
to move or proceed stealthily by bending or touching the ground by the hands
- খপ্khapTransitive verb
জুইৰ জালত দি নিৰ্ম্মল কৰ্; যেনে-"সোণ খপ্"
to refine or smelt as metal
- খপ্ কৰে কkhop ko.re koVerb-Trans.
নভবা-নিচিন্তাকৈ তৎক্ষনাৎ কোৱা কথা ।
to say something suddenly and without thinking carefully enough.
- খপ্ কৰে, খপৰাইkhap, kare, khaparāiAdverb
বেগাই; তত্ক্ষণাৎ (ধৰা বা আক্ৰমণ কৰা); যেনে-"খপ্ কৰে ধৰিলে"
instantly
- খপ্খপাই, খপ্ খপ্ কৰেkhapkhapāi, khap, khap, kareAdverb
এখোপৰপবা আন খোপত বেগাই বেগাই খোজ দি
rapidly (said of ascending)
- খপ্জপনিNoun
খপ্জপ্ কৰা কাৰ্য্য।
- খপ্জপাIntransitive verb; Adverb
খপ্জপাই।
- খপ্জপ্khapjapNoun
কি কৰোঁ কি নকৰোঁ বিতত হোবা; বিচেষ্টা হোবা
state of being puzzled; state of being out of one's wits
- খপ্পৰAbstract Noun
মালিকীস্বত্ত্ব থকা বা নথকাকৈ কোনো বস্তু বা সম্পত্তি অধিকাৰ কৰি থকা৷
actual holding or occupancy, either with or without rights of ownership.
- খপ্ৰাkhaprāNoun
খোঁক; চুক; আঁৰল ঠাই
a retreatl a secluded place or corner
- খপ্জপকৈkhop.jop.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- খপৰ-জপৰkho.por-jo.porAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- খপৰাkho.po.raAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- খপৰাইkho.po.raiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.