কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠেসṭhesaNoun
পোনে পোনে অৰ্থাৎ স্বাভাবিকমতে নেচাই চকুৰ গঢ় লগাই অৰ্থাৎ বেঁকাকৈ চোবা কাৰ্য্য; কেৰাহিকৈ চোবা; কটাক্ষ; অলপ লক্ষ্য; মান বা ভয় কৰা
act of looking askance; act of showing slight attention, regard or fear
- ঠেহṭhehaNoun
ৰোহ; বেজাৰ পাই মনে মনে কৰা খং
sulkiness; sullenness
- ঠেহ ধৰ্, ঠেহ পাৎ
খং কৰি মনে মনে একো কাম কাজ নকৰাকৈ থাক্; খং কৰি মুখ ওফন্দাই থাক্; ৰোহ কৰ্
to be sulky
- ঠেহ লাগ্
ৰোহ লাগ্; ঠেহ উপস্হিত হ; অসন্তোষ পাই মনত খং হ
to be sullen
- ঠেহঠেহীয়াṭhehaṭhehīẏāAdjective
ঠেল্ ঠেল্ কৰে।
- ঠেহা-ঠেহিṭhehā-ṭhehiAdjective
হেঁচা-হেঁচি
crowded; crammed
- ঠেহালṭhehālaAdjective
অলপ কথাতে ঠেহ ধৰা; অলপতে ৰোহ লগা
petulent; sullen
- ঠেহেৰা মাৰ্
কেটেৰা মাৰ্; গেজেৰা মাৰ্
to speak curtly and gruffly
- ঠেহেৰাই, ঠেহেৰ কৰেAdverb
অকস্মাৎ শব্দ কৰি (বস্ত্ত ফুট্)
with a sudden bursting noise
- ঠেহেৰ্ṭheherNoun
কোনো বস্ত্ত কিছু কম বেগেৰে ফুটোঁতে হোবাৰ দৰে শব্দ
an imitative word used to express a dull sound like that of bursting of a thing
- ঠেৰুṭheruNoun
সৰু ঠাৰি, ধৰিবৰ চল; কোনো বস্ত্ত ধৰিবৰ নিমিত্তে তাক গাত লগাই দিয়াঁ খুঁটি
a stem or a handle by which a thing may be held
- ঠেৰু-ছিগাAdjective
অবলম্বন-শূন্য; আশ্ৰয়-হীন
destitute of support; helpless
- ঠেৰুছিগাthe.ru.si.gaProper Adj.
ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Lacking help or protection, having no way.
- ঠেৰে জুṭhere, juNoun
থেৰেজু।
- ঠেৰেঙাṭhereṅāAdjective
জীব নথকা বা চেঁচা হোবা গতিকে টান আৰু ঠৰঙা হোবা; জাৰত অবশ আৰু সাৰ নথকা হোবা (হাত, ভৰি আদি)
rendered stif or torpid by death or cold
- ঠেৰেঙা দি, ঠেৰেঙা লাগ্
ঠেৰেঙা হ
to become stiff or torpid
- ঠেৰেহthe.rehVerb-Intran.
নপকি বা নিসিজি টান বা গেঁঠেলা মাৰ
to remain unripe or uncooked
- ঠেৰেহাAdjective
নপকি বা নিসিজি টান হৈ থকা; গেঁঠেলা; খজা
hard though ripe or cooked
- ঠেৰেহা মাৰ্
ঠেৰেহ্; নপকি বা নিসিজি টান হৈ থাক্
to remain hard in spite of being ripe or cooked
- ঠেৰেহ্ṭherehIntransitive verb
নপকি বা নিসিজি টান বা গেঁঠেলা মাৰ্
to remain unripe or uncooked; to remain hard in spite of cooking or instead of being ripe and soft