কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গণৰাজ্যবাদীCommon Noun
যি জনগণৰ দ্বাৰা চালিত শাসন ব্যৱস্থাত বিশ্বাস কৰে৷
one who believes in rule of the people
- গণ’ৰিয়াgo.no’.riyaAbstract Noun
এবিধ সোঁচৰা যৌন ব্যাধি ।
A sexually transmitted disease causing discharge from the urethra or vagina.
- গতgataNoun
বাদ্যৰ কোনো নিৰ্দ্দিষ্ট সুৰ
a musical tune
- গত লগাgata, lagā
নিয়ম লগা; ভালকৈ ৰাখ্; যেনে হ'ব লাগে তেনে কৰ্; যেনে-"বস্ত্তবোৰ গত লগা"; "এই চোৰক গত লগালে"
to put in proper order; deal with properly
- গত লাগ্
যি নিয়মত হ'ব লাগে বা যেনে হ'ব লাগে তেনে হ; যেনে-"এতিয়াও বস্ত্তবোৰ গত নেলাগিল"
to be in proper order
- গতনিদ্ৰgo.to.ni.droProper Adj.
টোপনি নহা অথবা টোপনি নোযোৱা অৱস্থা |
Lacking sleep or unable to sleep
- গতনীয়াgatanīẏāAdjective
সদায় একে ৰকমে বা পোনে গতি কৰা বা ৰৈ থকা অৰ্থাৎ কাষ-পাৰ ভাঙি যেনি তেনি নোযোবা (নৈ)
flowing in its own channel (said of a river)
- গতাgatāTransitive verb
আনৰ হাতত দি; শোধাই দি; সমৰ্পণ কৰ্; . কৱদ
to make over; to deliver
- গতাই দেgo.tai deVerb-Trans.
বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।
to hand over something in good faith or confidence.
- গতাওঁতা
শোধাওঁতা; ষি সমৰ্পণ কৰে
one who makes over or delivers something
- গতাগতgatāgataNoun
অহা-যোবা; হলি-গলি; আহন- যাবন; যেনে-"তেওঁলোক এতিয়াও গতা-গত কৰি আছে; "
intercourse; intimacy
- গতানুগতিকgatānugatikaAdjective
লোকৰ নিয়ম বা কাৰ্য্যমতে চলা
doing as the others do; imitating
- গতানুগতিকতাgo.ta.nu.go.ti.ko.taAbstract Noun
একে ধৰণে বহু সময় ধৰি আমনি লগাকৈ চলি থকা গুণ
the quality of being boring, monotonous, too long, or repetitive
- গতায়াতgatāẏātaNoun
অহা-যোবা; চলাচল; চলন-ফিৰণ; গমনা- গমন
coming and going; intercourse
- গতায়ুgatāẏuAdjective
জীব যোবা; মৰা; মৱত
dead
- গতায়ুষgatāẏuṣaAdjective
জীব যোবা; মৰা; মৱত
dead
- গতায়ুসgo.ta.yuxProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- গতিgatiNoun
যোবা কাৰ্য্য; গমন
the act of going; motion
- গতি কৰ্go.ti korVerb-Intran.
নিজৰ স্থান সলনি কৰ্
to change physical location or position
- গতি ঘৰ্ষণAbstract Noun
দুখন চলমান উপৰিতলত সক্ৰিয় হোৱা এটি বল৷
A force that acts between moving surfaces.