কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খন্তীয়া-সাপkhon.ti.ya-xapCommon Noun
খন্তিৰ নিচিন চেপেটা মুখেৰে এবিধ কেঁচু জাতিয় সাপ (কীট)৷
Ramphotyphlops braminus is a harmless blind snake species found mostly in Africa and Asia, but has been introduced in many other parts of the world. Completely fossorial, they are often mistaken for earthworms, except that they are not segmented. The specific name is a Latinized form of the word Brahmin, which is a caste among Hindus. No subspecies are currently recognized.
- খন্তীয়া-হাঁহkhantīẏā-hām̐haNoun
এবিধ ঠোঁট-জোঙা ঘিলা-হাঁহ
a species of teal
- খন্তেকkhantekaNoun
এখন্তক; এক মুহূৰ্ত্ত বা ক্ষণ; অলপ সময়
a moment; a very short time
- খন্তেকীয়াAdjective
খন্তেক বা অতি অলপ কাল থকা
momentary
- খন্দkhandaNoun
খেতি কৰাৰ এটা বতৰ; খেতি বা শস্য আৰ্জ্জিবৰ কাল; শস্যৰ সম্পৰ্কে এবছৰ
a season of cultivation; a period or year for raising and harvesting a particular crop
- খন্দ মাৰি দি
কিছু দিনলৈ বা বছৰলৈ বন্দোবস্ত কৰি মাটি খাবলৈ দি
to lease or let out land for a certain period
- খন্দ মাৰি লkhanda, māri, la
এটা সময় বাঝি মাটি খাবলৈ ল; এবছৰ বা দুবছৰলৈ বন্দোবস্ত কৰি মাটি ল
to occupy or hold land for a certain period
- খন্দ-প্ৰবৰ্তাkhanda-prabartāAdjective
এটা খেতিত মাথোন ব্যবহাৰ কৰিব পৰা
lasting for one season or year only
- খন্দ-প্ৰবৰ্ত্তাkhanda-prabarttāAdjective
এটা খেতিত মাথোন ব্যবহাৰ কৰিব পৰা
lasting for one season or year only
- খন্দাkhandāNoun
চিন বা সীমা দি কৰা মাটিৰ ভাগ
a division of land marked by boundaries
- খন্দা-ছিগাAdjective
লগালগি হৈ নথকা; চিন, সীমা আদিৰ দ্বাৰা পৱথক হোবা
unconnected; separated
- খন্দিয়াkhandiẏāTransitive verb
খন্দা খন্দা কৰ্; চাৰিওফালে লোৰ খানি বা আলি দি মাটি ভাগ ভাগ কৰ্
to divide into small plots or compartments
- খন্দিয়াই সোধ্ লুকুবাkhandiẏāi, sodh, lukubā
বা গোপন কৰা কথা উলিয়াবৰ কাৰণে খণ্ড খণ্ড কৰি, ফালি-ছিৰি বা ফঁহিয়াই প্ৰশ্ন কৰ্
to examine minutely, to cross-question
- খন্দুবাkhandubāAdjective
এবাৰ বা অধিক কাল খেতি কৰিবৰ কাৰণে গৰাকীৰপৰা লোবা (মাটু আৰু যি মাটি লয় দুয়ো); যেনে -"খন্দুবা মাটি"; "খন্দুবা ৰায়ত"
rented or renting for a short term
- খন্দুৱাkhon.du.waVerbal Adj.
এবছৰৰ কাৰণে বা কম দিনৰ কাৰণে গৰাকীৰ পৰা খেতি কৰিবলৈ লোৱা (মাটি)
rented from the owner for one year or short period for cultivation (said of land)
- খনয়khanaẏaNoun
খন্দা বা খনা কাৰ্য্য
digging
- খপkhapaNoun
টেমা বা সৰু টেমা আদিৰ সাঁফৰ
the cover of a lime-pot or any small receptacle
- খপ কৰেkhop ko.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- খপজপkhop.jopProper Adj.
Perplexed by many conflicting situations or statements; filled with bewilderment.
- খপজপ লাগ্khop.jop lagVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state