কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইসāisa
আহাঁ
come
- আইসকলāisakalaNoun
বসন্ত ৰোগ [ইয়াৰ কেইবাটাও জাতি; যেনে- বৰ-আই, মাজু-আই, সৰু-আই, নুতি, পান চামৰী। আই-ওলোবা মানুহকো "আই" বুলি কোনোবে মাতে।]
- আউAbstract Noun
জন্মৰপৰা বৰ্তমানলৈকে অথবা মৃত্যু/ধ্বংস হোৱালৈকে সময়খিনি ৷
The span of time that one has passed from the birth or the duration of his lifetime.
- আউ-কুঁবৰীāu-kum̐barīNoun
মাদৈ, ৰজাৰ ভাৰ্য্যা
a queen
- আউ-কুঁবৰীদেওāu-kum̐barīdeoNoun
মাদৈ, ৰজাৰ ভাৰ্য্যা
a queen
- আউ-কুঁৱৰীau-ku~.wo.riCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- আউ-কুঁৱৰীদেওau-ku~.wo.ri.deuCommon Noun
ৰাজপাটত থকা ৰজাৰ পত্নী অথবা বিধৱা পত্নী
The wife, widow or a consort of a reigning king.
- আউগʼVerb-Trans.
আগুৱাই যা
A command to move forwards
- আউচা নামAbstract Noun
সন্তান জন্মৰ এমাহৰ দিনা পতা নাম
A prayer ritual conducted after one month of childbirth
- আউজ্āujIntransitive verb
মানুহ বা কিবা বস্ত্তৰ গাত হাউল্ বা কাতি হ
to recline
- আউটাa.u.taVerb-Trans.
জুলীয়া বস্তু তপতাই ঘন কৰ্
to increase density by removing the water content by boiling
- আউটিāuṭiNoun
কোনো ঠাইৰ বিশেষ এক ফাল; অঞ্চল; চুবুৰি
a particular portion of a town or village
- আউট্āuṭTransitive verb
ধাতু পগাই পৰিষ্কাৰ কৰ্; যেনে-সোণ আউটিছে
to melt
- আউঠনিāuṭhaniNoun
মুখ-খেকেচা খাই পৰা; যেনে -"তহিতে পৰিল গৈয়া আউঠানি খায়া" (মা.ক. সুন্দৰাকাণ্ড)।
- আউঠানিāuṭhāniNoun
মুখ-খেকেচা খাই পৰা; যেনে -"তহিতে পৰিল গৈয়া আউঠানি খায়া" (মা.ক. সুন্দৰাকাণ্ড)।
- আউঠিāuṭhiNoun
কাপোৰৰ দাঁতি বা পাৰি
the border of a cloth
- আউডাল্āuḍālTransitive verb
আওডাল্।
- আউনীāunīNoun
এবিধ বনৰীয়া পাণ
the wild betel creeper
- আউনী-পাণāunī-pāṇaNoun
এবিধ বনৰীয়া পাণ
the wild betel creeper
- আউনীআটি-সত্ত্ৰāunīāṭi-sattraNoun
উজনি অসমৰ প্ৰধান চাৰিখন ৰজাঘৰীয়া সত্ত্ৰৰ এক সত্ত্ৰ [জয়ধ্বজসিংহ ৰজাই