কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মজিয়াmajiẏāNoun
ঘৰৰ ভেটি; ঘৰত ভাত খোবা খোটালি
a floor etc.; dining room
- মজীৰmajīraNoun
মঞ্জীৰ; নেপূৰ; যেনে-"চৰণে মজীৰ ঝুৰে, উৰে হেমহাৰ" (বৰগীত)।
- মজুতmajutaAdjective
সঞ্চিত; জমা কৰা; গোটোবা; একত্ৰীকৰণ
saved; collected
- মজুমদাৰmo.jum.darProper Noun
অসমকে ধৰি আন কোনো কোনো ৰাজ্যৰ কিছুলোকে ব্যৱহাৰ কৰা এক উপাধি৷
a surname in Assam, Bengal etc.
- মজুমদাৰ-বিদ্যাmajumadāra-bidyāNoun
মাটিৰ বন্দবস্তি; খাজনা সম্পৰ্কীয় বিদ্যা; যেনে-"ৰমানন্দ নামে মোৰ আছে পুত্ৰখানি। মজুমদাৰ-বিদ্যা শিখায়োক মহামানী" (শঙ্কৰ-চৰিত)
knowledge relating to revenue and settlement of land
- মজুম্দাৰmajumdāraNoun
ৰজা ঘৰৰ হিছাপ-পত্ৰ ৰখা আৰু ৰজাৰ হুকুমমতে আন দেশৰ ৰজালৈ চিঠি লিখা আৰু দেশৰপৰা অহা কাকত-পত্ৰ ৰজাক মাতি শুনোবা এজন বিষয়া
a private secretary to a king or the viceroy
- মজুৰmajuraNoun
বেচ লৈ কাম কৰা মানুহ; ; মজুৰি কামৰ বেচ
a labourer ; wage
- মজুৰিmo.ju.riAbstract Noun
কোনো পৰিশ্ৰমৰ বিনিময়ত ঘণ্টা বা দৈনিক ভিত্তিত দিয়া ধন
a payment made for a labour on the basis of hours or days worked.
- মজ্majNoun
এবিধ বনৰীয়া আওকাঠী ওখ ডাঙৰ গছ
a kind of tree; Albizzia lucica
- মজ্জনNoun
যেনে-"মজ্জন আনন্দ সিন্ধু" (বৰগীত)।
- মজ্জাmajjāNoun
হাড়ৰ মাজৰ বস্ত্ত
marrow
- মজ্জাগতAdjective
হাড়ৰ মাজত বা মগজুত সোমোবা
entered in the marrow
- মজ্জ্majjIntransitive verb
মজ্জ্; বুৰ্; মগ্ন হ; যেনে-"সব নৰ পাপ পয়োধি মজ্জল" (বৰগীত)।
- মজ্লিছAbstract Noun
কোনো এক সামূহিক উদ্দেশ্য আগত ৰাখি একেলগ হোৱা মানুহৰ সমাৱেশ ৷
A group of persons gathered together for a common reason, as for a legislative, religious, educational, or social purpose.
- মজৰাmajarāNoun
ভিতৰত কোমল শাহ থকা এজাতি খাগৰি।
- মঞিmañiNoun
সৰ্ব্বনা. মই।
- মঞ্চmañcaNoun
চাং; কাঠ বা বাঁহেৰে সজা ওখ চাং
a platform resting on columns; a scaffold
- মঞ্চকৌশলAbstract Noun
নাটক লিখা বা মঞ্চস্থ কৰাৰ দক্ষতা বা অভিজ্ঞতা৷
skill or experience in writing or staging plays.
- মঞ্চদলmon.so.dolCommon Noun
নৃত্য-গীত বা অভিনয়কাৰী দল।
a group of singers and dancers or dramatical performers.
- মঞ্চভীতিmon.so.bhi.tiAbstract Noun
শ্ৰোতা-দৰ্শকৰ সমুখত কথা কবলৈ বা কিবা পৰিবেশন কৰিবলৈ ভয় খোৱা অৱস্থা৷
nervousness felt by performers/speakers before/when they face an audience.