কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জন-বিস্ফোৰণjo.no-bis.pho’.ronAbstract Noun
জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি।
a sudden, large increase in the size of a population.
- জন-লোকjana-lokaNoun
মহামুনি আৰু ব্ৰহ্মাৰ পুত্ৰবিলাক থকা সাত স্বৰ্গৰ এক স্বৰ্গ; যেনে-"জন-লোকে থাকিবন্ত মহামুনিগণ" (অনাদি-পাতন)
one of the seven heavens
- জন-শূন্যjana-śūnyaAdjective
নিৰ্জন; মানুহ নথকা
lonely
- জন-শ্ৰুতিjana-śrutiNoun
জনৰব; ৰৌঢ়ি; বহুকালৰপৰা লোকৰ মুখে মুখে শুনা কথা
rumour; tradition
- জন-সংখ্যাjana-saṅkhyāNoun
কোনো দেশত থকা মানুহৰ সংখ্যা; লোক সংখ্যা
population
- জন-সমাজjana-samājaNoun
মানুহৰ সমাজ
human society
- জন-সাধাৰণjana-sādhāraṇaNoun
সমস্ত মানুহ
people in general; the public
- জনকjanakaNoun
যি জন্ম দিয়ে; পিতা
father
- জনক নন্দিনীjo.nok non.di.niProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- জনকত্বjonokotwaAbstract Noun
একে পিতৃ-মাতৃ বা একে উৎসৰ পৰা জন্ম হোৱা গুণ বা অৱস্থা
the quality of comming from same parents or origin
- জনক্janakNoun
ৰূপ, সোণ আদি ধাতুৰে গঢ়া অলঙ্কাৰ বা সৰু সৰু বস্ত্ত জোকাৰিলে বা লৰচৰ কৰিলে হোবাৰ নিচিনা শব্দ; জন্জন্
an imitative word used to express the sound like the tinkling of coins, ornaments, etc
- জনখ্যাতিjo.no.khya.tiAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- জনগণjo.no.go.noAbstract Noun
কোনো সম্প্ৰদায়, ৰাজ্য বা ৰাষ্ট্ৰৰ নিৰ্দিষ্ট মানুহৰ গোট৷
a particular group of people in a community, state, or nation.
- জনগণনাjo.no.go.no.naAbstract Noun
এটা জনসমষ্টি সম্বন্ধে বিভিন্ন তথ্য গণনা আৰু নথিভুক্তকৰণ প্ৰক্ৰিয়া
counting and recording various parameters of a population
- জনগাঁথনিjo.no.ga~.tho.niAbstract Noun
the characteristics of a population in terms of ethnic, linguistic, religious or such other proportions of the people
- জনগোষ্ঠীjo.no.go`s.thiCommon Noun
উমৈহতীয়া পূৰ্বপুৰুষ আৰু নিৰ্দ্দিষ্ট সাংস্কৃতিক পৰম্পৰা বিশিষ্ট এক সামাজিক গোট।
A unit of sociopolitical organization consisting of a number of families, clans, or other groups who share a common ancestry and culture and among whom leadership is typically neither formalized nor permanent.
- জনগোষ্ঠীয়Proper Adj.
কোনো বিশেষ জনগোষ্ঠী বা জাতিৰ চৰিত্ৰ সম্বলিত বা জনগোষ্ঠী বা জাতিৰ সৈতে জড়িত
pertaining to or characteristic of a people, esp. a group sharing a common and distinctive culture, religion, language, or the like.
- জনজননি
জন্ জন কৰা কাৰ্য।
- জনজনি
জন্ জন কৰা কাৰ্য।
- জনজনীয়াjon.jo.ni.yaVerbal Adj.
টকা বা অলংকাৰৰ দৰে শব্দ কৰা ।
ringing sounds as a small bell.