কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঁজুলিsam̐juliNoun
কামত ব্যবহাৰ হোৰা বস্ত্ত-বেহানি বা আহিলা-পাতি; কামত ব্যবহাৰ কৰা অস্ত্ৰ, পাত্ৰ আদি
materials; the wherewithals; furniture; a tool; an implement.
- সঁতাsam̐tāNoun
লালী বৰষুণ; কেইবাদিনো একেৰাহে হৈ থকা বৰষুণ
a spell of continuous rain
- সঁফুৰাsam̐phurāNoun
টেমা-বটা; সাঁফৰ লগোবা তামোলৰ পাত্ৰ
a tray for betel-nut with a cover
- সঁফুৰি-আমsam̐phuri-āmaNoun
মধুৰী-আম।
- সঁফুৰি-কঠালsam̐phuri-kaṭhālaNoun
আনাৰস; মাটিকঠাল
the pineapple
- সঁযুতীয়াsam̐yutīẏāAdjective
সঁযোত পালন কৰা; সঁযোতত থকা
observing a fast on the day preceding a religious ceremony
- সঁযোতsam̐yotaNoun
কোনো ধৰ্ম্মকাৰ্য্যৰ আগদিনা কৰা উপবাস আৰু মনৰ সংযম বা দমন; . বিণ. সঁযুতীয়া।
a fast observed on the day previous to performing a religious ceremony
- সঁহাৰিsam̐hāriNoun
অনুমান; উমান; আটকাল; গম; সঁজাল
a guess formed from the sound, etc., of the approach of any one or an occurrence
- সঁহাৰি দেxo~.ha.ri deVerb-Trans.
আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্
to say or do something as a reaction to something that has been said or done
- সঁৰাহsam̐rāhaNoun
কমাৰ, সোণাৰি আদি ধাতুৰ শিল্প কাম কৰা বাঢ়ৈৰ বস্ত্ত (বিশেষকৈ তপত ধাতু) চেপি ধৰা যুৰীয়া যতন; চেপেনা; ডাঙৰ লেপ [ব্যবহাৰ অনুসাৰি ই নানা গঢ়েৰে তৈয়াৰ হয়; যেনে-গ্যাল-সৰাহ (মুখ ঘোৰ খোয়া), পাট- সঁৰাহ (মুখ চেপেটা), পোন-সঁৰাহ (চেপেনা)।]
black- smith or gold-smith's tongs, pinchers, etc
- সংsam
পৰিপূৰ্ণ, সৰ্ব্বপ্ৰকাৰ, উত্তম আদি ভাব বুজোবা উপসৰ্গ; যেনে-"সংকীৰ্ত্তন; সম্পূৰ্ণ"
a prefix signifying completeness, well, etc.
- সংকটxong.kotAbstract Noun
হানি কৰিবৰ ক্ষমতা থকা এক সম্ভাব্য অৱস্থা| ই এতিয়ালৈকে কাৰো কোনো হানি কৰা নাই, কিন্তু তেনে কৰিব পাৰিব বুলি সন্দেহ কৰা হৈছে|
A possible existence of a situation capable of causing harm. It has not affected anybody yet, but has been speculated.
- সংকটজনকxong.kot.jo.nokProper Adj.
বিপদত পৰা বা গভীৰ বিপদ ঘটাব পৰা
of or forming a crisis; e.g. critical condition, critical illness etc.
- সংকটপূৰ্ণxong.kot.pur.noProper Adj.
বিপদত পৰা বা গভীৰ বিপদ ঘটাব পৰা
of or forming a crisis; e.g. critical condition, critical illness etc.
- সংকটাপন্নxong.ko.ta.pon.noAdverb
একেবাৰে নিশ্চিহ্ন হৈ যাবলৈ ধৰা কোনো প্ৰজাতি |
Species that are in danger of extinction.
- সংকটাৱস্থাxong.ko.ta.bos.thaAbstract Noun
সহজে সমাধা কৰিব বা পৰিত্ৰাণ পাব নোৱাৰা কোনো অস্থিৰ পৰিস্থিতি।
An unstable situation which is difficult to resolve.
- সংকলকxong.ko.lokProper Noun
গদ্য, পদ্য, বা কোনো পুথি সংকলন কৰোঁতা ; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় ।
A person who compiles information (as for reference purposes). The information may be a book, a poem, a song or some other reference.
- সংকলনsaṅkalanaNoun
সংগ্ৰহকৰণ; একত্ৰীকৰণ; নানা ঠাইৰপৰা সংগ্ৰহ কৰি পুথি লিখা কাৰ্য্য; . বিণ. সঙ্কলিত।
the act of collecting or compiling
- সংকলন কৰ্xong.ko.lon korVerb-Trans.
কোনো বিষয়ৰ বিভিন্ন নথি সংগ্ৰহ কৰি একেলগ কৰ্ অথবা নথিসমূহ নিৰীক্ষণ কৰি প্ৰয়োজনীয় শুধৰণি কৰ্।
to collect a set of documents on a subject into one volume, to check and correct documents for errors.
- সংকলনকাৰীxong.ko.lon.ka.riProper Noun
গদ্য, পদ্য, বা কোনো পুথি সংকলন কৰোঁতা ; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় ।
A person who compiles information (as for reference purposes). The information may be a book, a poem, a song or some other reference.