কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢকা-ডিঙৰাḍhakā-ḍiṅarāNoun
জন্ত্তৰ পেট উখহা ৰোগ
a kind of cattle disease in which the belly is swollen
- ঢকা-ডিঙৰীয়াḍhakā-ḍiṅarīẏāNoun
জন্ত্তৰ পেট উখহা ৰোগ
a kind of cattle disease in which the belly is swollen
- ঢকা-ঢমকাḍhakā-ḍhamakāAdjective
মেঘৰপৰা ওলায়েই মাৰ য়োবা (ৰ'দ)
a slap on any part of the human body except on the head; a strike given with the open hand
- ঢকা-ভাতḍhakā-bhātaNoun
চুবা; খাই এৰা ভাত; যেনে-"ঢকা-ভাত খোবা মানুহ"।
- ঢকাচমকাdho.ka.so.mo.kaVerbal Adj.
ডাৱৰৰ মাজেদি অলপ ওলায়েই মাৰ যোৱা (ৰ’দ)৷
appearing for the cloud for a moment and then disppearing again (as sunshine).
- ঢকিয়াḍhakiẏāTransitive verb
ঢকা মাৰ্; গাত চাপৰ মাৰ্
to strike with the open hand
- ঢকুনাḍhakunāNoun
বাঁহ আৰু তামোল জাতিৰ বৌখা; . (পু. অ.) ঢঙ্কুবা।
the sheath of the betel-nut tree, etc.
- ঢকুবাḍhakubāNoun
বাঁহ আৰু তামোল জাতিৰ বৌখা; . (পু. অ.) ঢঙ্কুবা।
the sheath of the betel-nut tree, etc.
- ঢকুৱাdho.ku.waMaterial Noun
তামোল গছৰ বৌখা ৷
the sheath of the betel(ta.mo'l)tree.
- ঢকুৱাখনাProper Noun
অসমৰ লখিমপুৰ জিলাৰ এখন ঠাই আৰু মহকুমা৷
Dhakuakhana is a sub-division of Lakhimpur district in the north-eastern state Assam, India. Geographical position of Dhakuakhana is between 27.60 degree to 27.35 degree north latitude and 94.24 degree to 94.42 degree east longitude.
- ঢক্ ঢক্ḍhak, ḍhakNoun
সৰু-ডিঙীয়া পাত্ৰৰপৰা পানী ওলাওঁতে বা মানুহে বৰ ডিঙি মেলি হাঁহোঁতে হোবা শব্দ
an imitative word used to express the sound like that of water poured out of narrow-necked vessel or a loud laughter
- ঢগঢগীdhog.dho.giMaterial Noun
এবিধ দীঘলীয়া গাৰে আৰু সৰু দীঘল ডিঙিৰে লোটা ৷
A water vessel with a long and narrow neck.
- ঢঙাḍhaṅāAdjective
বিলাস-প্ৰিয়; ওখ-ডাঙৰ কিন্ত্ত কামিলা বা শকত নোহোবা; ঢিলা-সোলোকা; যেনে-"ঢঙা মানুহ"
fond of pleasure; stout but weak; easy-going; indolent
- ঢঢৈয়াḍhaḍhaiẏāAdjective
গোটেই মুকলি; তেনেই শূন্য; কোনো আঁৰ-বেৰ নথকা (বাৰী আদি)
wide open
- ঢপঢপনিdhop.dho.po.niVerbal Noun
বুকুৰ স্পন্দন
sensation of rapid heartbeats.
- ঢপঢপাdhop.dho.paVerb-Trans.
খৰকৈ ওপৰ-তল হ৷
pulsate or pound with abnormal force
- ঢপলাḍhapalāNoun
তিৰোতাই দন্দ কৰোঁতে দুয়ো হাত মেলি কৰঙণৰ ওপৰৰ মেখেলাত মৰা চাপৰ
a blow struck by a woman with open hands on her thigh while wrangling with another
- ঢপলা পিট্, ঢপলা মাৰ্, ঢপলিয়া
দুয়ো হাত মেলি নিজৰ কৰঙণত চপৰিয়া
to strike the thighs with open hands, as a quarrelling woman
- ঢপলিয়াḍhapaliẏāIntransitive verb
জঁপিয়াই লৰি ফুৰ্
to run or canter about, as an animal
- ঢলḍhalaNoun
দল; জুম; জাক, সমূহ
a flock; a multitude