কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁকুহীa~.ku.hiMaterial Noun
কোনো বস্তুত লগাই তাক টানি অনা আগ-বেঁকা দীঘল মাৰি ৷
a long stick with a hook at the end used for seizing and pulling anything.
- আঁকুৰি-দাNoun
এবিধ আঁকোৰা বা আকফাললৈ ঘোৰ খোবা দা
a crooked dāo
- আঁকুৰি-বগām̐kuri-bagaNoun
এবিধ বেঁকা-ঠুঁটীয়া বগলী চৰাই
a bird of the heron family with a crooked bill
- আঁকেām̐keNoun
নিয়াৰি
anvil
- আঁকো-গোঁজাām̐ko-gom̐jāAdjective
ভাল-বেয়া নেমানি কোনো কামত বা কথাত মন গুঁজি বা মন পূতি লগা; ধৰা কামত নেৰা-নেপেৰাকৈ লগা; যেনে-আঁকো-গোঁজা মানুহ বা ছাতৰ
obstinately sticking to any opinion or work. whether good or bad; persevering
- আঁকোচাa~.ko`.saProper Adj.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোৱা
not prevented by a sense of shame
- আঁকোবা-বেঁকোবাAdjective
অনেক ভাঁজ থকা; বেঁকা-বেঁকি
bent in many places; zig-zag
- আঁকোবালām̐kobālaNoun
দুই বাহুৰ মেৰ বা সাবট
embrace or clasp with the arms
- আঁকোবালমাৰ্
দুই বাহুৰে সাবটি ধৰ্; দুই বাহুৰে চপাই ধৰ
to embrace or clasp with the arms
- আঁকোবাল্
দুই বাহুৰে সাবটি ধৰ্; দুই বাহুৰে চপাই ধৰ
to embrace or clasp with the arms
- আঁকোহ্
আঁকুহি বা হাঁকুটিৰে আঁজোৰ্ বা টান্
to pull with a hooked-stick
- আঁকোৰ-গোঁজām̐kora-gom̐jaAdjective
ভাল-বেয়া নেমানি কোনো কামত বা কথাত মন গুঁজি বা মন পূতি লগা; ধৰা কামত নেৰা-নেপেৰাকৈ লগা; যেনে-আঁকো-গোঁজা মানুহ বা ছাতৰ
obstinately sticking to any opinion or work. whether good or bad; persevering
- আঁকোৰগোজালিa~.ko`r.go`.ja.liAbstract Noun
নিজৰ মত বা ইচ্ছা পৰিত্যাগ নকৰা মনোভাৱ৷
The mentality of not compromising with your own desires and ideas.
- আঁকোৰাām̐korāAdjective
ঘোৰ খোবা; বেঁকোৰা; ভেঙুৰা
crooked; curved
- আঁকোৱালa~.ko`.walVerbal Noun
দুই হাতেৰে মেৰাই বুকুত হেঁচা মাৰি ধৰি মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য্য।
an act or instance of taking or clasping in the arms; pressing to the bosom.
- আঁকোৱালি ধৰa~.ko`.wa.li dhorVerb-Trans.
হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
to cling closely, especially by holding by hands.
- আঁকোৱালি লa~ko`.wa.li loVerb-Trans.
হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।
to cling closely, especially by holding by hands.
- আঁক্Transitive verb
নানা ৰকমৰ ৰেখা টানি আৰু চিন দি আকৱতি লিখ্; . অক. ধা. আঁক ঠান্; মিছামিছিকৈ লিখ্
to draw (a picture) ; to scribble or draw lines
- আঁকৰ-শলাa~.kor-xo.laMaterial Noun
ঢেঁকীৰ নেজৰ ফালৰ পথালি-বিন্ধাত সুমুৱাই ঢেঁকীটো কতৰাৰ কানত দাঙি ৰখা মাৰি বা শলা ৷
The wooden bar or pin passing through the hole at the tail end of a foot-pestle (Dheki) and supporting the same on the fulcrum.
- আঁকৰ-শালাām̐kara-śālāNoun
আষল-শলাই।