কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভটিয়াই যাbho.ti.yai jaVerb-Intran.
পানীৰ সোঁতৰ দিশত অৰ্থাৎ নামনিৰ ফালে গতি কৰ্
to move in the direction of the current or to the lower course of the stream
- ভটিয়ালীbho.ti.ya.liProper Noun
বৰগীতৰ এটা ৰাগ৷
A `ragaa` of Borgeet
- ভটীয়নিbho.ti.yo.niProper Adj.
কোনো নদীৰ সোঁতৰ দিশ বা উত্সৰ পৰা দূৰলৈ যোৱা দিশ ৷
Away from the source or with the current; the lower part of a stream/river.
- ভট্টbhaṭṭaNoun
প্ৰশস্তি-গায়ক; ভাট।
- ভট্টদেবbhaṭṭadebaNoun
কথা-গীতা, আৰু কথা-ভাগবত শিখোঁতা
- ভট্টদেৱbhot.to.debProper Noun
প্ৰথম অসমীয়া গদ্য লিখক
the first Assamese prose writer
- ভট্টাbhot.taMaterial Noun
ইটা বা খাপৰি পুৰি টান কৰিবৰ বাবে বিশেষ ভাবে তৈয়াৰ কৰা এবিধ ডাঙৰ চৌকা ৷
Kilns are big thermally insulated chambers, or ovens. They are used to harden, burn or dry bricks, ceramics etc.
- ভট্টাচাৰ্যbhaṭṭācāryaNoun
বেদাধ্যাপক; বৰ পণ্ডিত লোক
a great scholar
- ভট্টাচাৰ্য্যbhaṭṭācāryyaNoun
বেদাধ্যাপক; বৰ পণ্ডিত লোক
a great scholar
- ভঠেলিbhaṭheliNoun
কামৰূপত ব'হাগ মাহৰ প্ৰথম পক্ষত কৰা উৎসব; এই উৎসবত সজা বাঁহ; "পাউৰা-বাঁহ" চোবাঁ।
- ভঠেলি ভাঙ্bhaṭheli, bhāṅ
এদলে আন দলক বৰকৈ মাৰ্
to belabour
- ভডকাbhod.kaMaterial Noun
আলু আৰু ঘেঁহু জাতীয় এবিধ শস্যৰ পৰা তৈয়াৰ কৰা সুৰা৷
a wiine from rye and potatoes originally from Russia.
- ভণনNoun
ৰচনা কৰা কাৰ্য্য
act of writing or composing
- ভণিতAdjective
ৰচিত; লিখিত; eng >composed/eng>.
- ভণিতা
পদ-পুথিৰ আধ্যাৰ অন্তত পদ-পুথি লিখোঁতাই লিখা তেওঁৰ নাম আদি; যেনে-"ভণিল শঙ্কৰে গোবিন্দৰ দুই পাবে" (কীৰ্ত্তন)
the name, title, etc., of the author mentioned by himself at the end of a chapter of his poem; a colophon
- ভণীয়েকbho.ni.yekCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker
- ভণোতাbho.no’.taCommon Noun
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
- ভণ্bhaṇTransitive verb
লিখ্। ৰচনা কৰ্
to compose
- ভণ্টাbhaṇṭāNoun
ল'ৰা-ছোবালীয়ে হাতত লৈ ধেমালি কৰা গুটি বা ঘূৰণীয়া বস্ত্ত; যেনে-"ঊৰ্দ্ধৰক ক্ষেপন্ত ভণ্টাঃ কৰন্ত কটাক্ষ ছটা" (কীৰ্ত্তন)।
- ভণ্টীbhon.tiCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker