কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষেপkṣepaNoun
দলিওবা কাৰ্য্য; নিক্ষেপ
act of throwing
- ক্ষেপণkṣepaṇaNoun
দলি মৰা কাৰ্য্য
act of throwing
- ক্ষেপণাস্ত্ৰkṣepaṇāstraNoun
হাতেৰে বা যন্ত্ৰেৰে দূৰলৈ নিক্ষেপ কৰা অস্ত্ৰ।
- ক্ষেপণীkhye.po.niMaterial Noun
নাওঁ চলাবৰ বাবে ব্যবহাৰ কৰা কাঠেৰে বনোৱা এবিধ সজুলি ।
Instrument for rowing boat.
- ক্ষেপণীয়kṣepaṇīẏaAdjective
দলিয়াই দিব লগীয়া।
- ক্ষেমkṣemaNoun
কল্যাণ; কুশল; মঙ্গল
welfare; well-being
- ক্ষেমংকৰProper Adj.
সহায় কৰা বা কৰিবলৈ প্ৰস্তুত হোৱা৷
giving or ready to give help voluntarily.
- ক্ষেমবন্তAdjective
ভাগ্যবন্ত; সুখী
prosperous; fortunate; happy
- ক্ষেমবানAdjective
ভাগ্যবন্ত; সুখী
prosperous; fortunate; happy
- ক্ষেমৱন্তProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- ক্ষোদনkṣodanaNoun
কাঠ, শিল, ধাতু আদি টান বস্ত্ত কাটি বা খুলি নক্সা কটা কাৰ্য্য।
- ক্ষোদিতkhyo`.di.toVerbal Adj.
যিটো খোদাই কৰা হৈছে ।
carve on a hard surface.
- ক্ষোভkṣobhaNoun
মনৰ অস্হিৰতা বা অশান্তি, উগুল-থুগুল
anxiety; mental agitation
- ক্ষোভ দূৰ কৰ্khyo`bh dur ko.raVerb-Trans.
মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷
to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties.
- ক্ষোভিতkhyo`.bhi.toProper Adj.
অসন্তুষ্টি কিম্বা বিৰোধৰ এক অতি তীব্ৰ অনুভূতি যুক্ত
Feeling or showing a strong feeling of displeasure or hostility.
- ক্ষৌণীkṣauṇīNoun
পৱথিবী
the earth
- ক্ষৌণীপ্ৰাচীৰkhyou.ni.pra.sirMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ক্ষৌণীশkhyou.nixCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ক্ষৌমkṣaumaNoun
পাটৰ কাপোৰ; যেনে-"ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে" (কীৰ্ত্তন)
silk cloth
- ক্ষৌৰkṣauraNoun
ডাঢ়ি, মূৰ ইত্যাদি