কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফলবান
ফলন্ত; গুটি ধৰা
bearing fruit
- ফলভোগী
উৎপন্ন বস্ত্তৰ লাভ-লোকচান ভোগ কৰা
enjoying the things produced
- ফলমূলCommon Noun
গছৰ গুটিৰ অৱৰি থকা কোমল অংশ৷ ই পকিলে মিঠা আৰু খাব পৰা হয়৷
the usually edible reproductive body of a seed plant; especially : one having a sweet pulp associated with the seed
- ফলমূলৰ দোকানphol.mu.lor do`.kanMaterial Noun
ফলমূল বেচা কিনা কৰা দোকান ৷
A shop or shed where trades varieties of fruits.
- ফলশালী
গুটি লগা; লাগনী; ফলধৰা
bearing fruit
- ফলশ্ৰুতিpho.lo.sru.tiAbstract Noun
পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।
a phenomenon that follows and is caused by some previous phenomenon.
- ফলস্বৰূপphol.so.rupProper Adj.
ফলাফল অনুযায়ী৷
Following as a result.
- ফলাAdjective; Adverb
ফালে।
- ফলাওpho.lao`Proper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- ফলাকাঙ্ক্ষাNoun
ফল-কামনা; ফলাফল লাভালাভ; লাভ-লোকচান
good or bad consequence; loss or gain
- ফলাফলpho.la.phol.Abstract Noun
পূৰ্বৰ কোনো পৰিঘটনাৰ ফলস্বৰূপে পিছত হোৱা এক পৰিঘটনা।
a phenomenon that follows and is caused by some previous phenomenon.
- ফলাফল দেpho.la.phol deVerb-Intran.
কোনো কাৰ্য্য বা পৰিস্থিতিৰ প্ৰভাৱত দেখা দে, আবিৰ্ভাৱ হ বা গতি কৰ্
to spring, arise, or proceed as a consequence of actions, circumstances, premises,
- ফলাহাৰphalāhāraNoun
ফল-মূল আদিৰ ভোজন
food consisting of fruits or roots only
- ফলিphaliNoun
আখৰ লেখা কাঠৰ বা শিলৰ পাট
a slate; a black-board
- ফলি লphali, la
ফলিত আখৰ লিখিবলৈ শিক্
to learn to write
- ফলি-গুটিphali-guṭiNoun
ফলিত লিখা মাটিৰ বা শিলৰ গুটি বা খণ্ড
a slate pencil; a piece of chalk, etc., for writing on a slate or blackboard
- ফলিকphalikaAdjective
ফুলি বা জিলিকি পৰা; তেজাল
blooming; shining
- ফলিতphalitaAdjective
প্ৰফুল্লিত; ফুলি পৰা
in bloom; blooming
- ফলিত পদাৰ্থবিজ্ঞানpho.li.to po.dar.tho.bi.gyanAbstract Noun
পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷ এই শাখা পদাৰ্থ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ সংযোগী কাম কৰে৷
Applied physics is physics which is intended for a particular technological or practical use. It is usually considered as a bridge or a connection between physics and engineering.
- ফলিতাphalitāNoun
সপোন বা কোনো অস্বাভাবিক ঘটনাৰ ফলৰ ব্যাখ্যা বা বিবৰণ
the interpretation of a dream or an unusual phenomenon