কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰি-কটীয়াNoun
আহোম ৰজাৰ দিনত ৰজা ঘৰত খৰি যোগান দিয়া এটা খেলৰ মানুহ
a class of men who during the Ahom kings time were to supply fire-wood to the royal house-hold
- খৰিকটীয়াkho.ri.ko.ti.yaCommon Noun
খৰি বা কাঠ কটা ব্যক্তি
a person who cuts down trees or wood
- খৰিকাkharikāNoun
উলু বা আন বনৰ ঠাৰি; বাঁহ আদিৰ মিহি গোটা কাঠী
the slender stalk of a thatching or other grass; a slender strip of bamboo, etc.
- খৰিকা দি, খৰিকাত দি
খৰিকা বা শলাত সী জুইৰ তাপত সিজা
to roast on a spit
- খৰিকা ল
ভাত খাই উঠি মুখ ধোওঁতে খৰিকাৰে দাঁত পৰিষ্কাৰ কৰ্
to pick the teeth after meal
- খৰিকা লগা
মুগাৰ কণী আৰু নকৈ জগা পলু থকা খৰিকা চোম গছত আঁৰি দি
to suspend on chom trees bundles of straw with young silk-worms for the purpose of rearing
- খৰিকা-চঁপাkharikā-cam̐pāNoun
এবিধ চঁপা।
- খৰিকা-চুঙাkharikā-cuṅāNoun
দাঁত খৰিকিওবা খৰিকা থ'বলৈ লোবা চুঙা
a tooth-pick tube; tube to hold tooth-picks
- খৰিকা-জাঁইkharikā-jām̐iNoun
খৰিকাৰ নিচিনা সৰু দীঘলীয়া গোটা-চানেকীয়া পাহি থকা চাপৰ, জোপোহা গছেৰে এবিধ বগা সুগন্ধি ফুল
a kind of garden flower
- খৰিকা-জিবাkharikā-jibāNoun
কঁকিলা।
- খৰিকা-বটালিkharikā-baṭāliNoun
মিহি কামত ব্যবহাৰ কৰা এবিধ নিচেই সৰু বটালি
a small chisel
- খৰিকা-ৰাৰিkharikā-rāriNoun
নঙলা-মাৰি; পদুলিৰ দুবাৰ মৰা ডাং
a bar of a gateway
- খৰিকিয়াkharikiẏāTransitive verb
খৰিকাৰে ঘুকটি মলি গুচা
to cleanse with a pick
- খৰিচাkharicāNoun
আধা-খুন্দা বাঁহগাজৰপৰা কৰা, ভাতৰ লগত খোবা এবিধ বস্ত্ত [ইয়াক আঞ্জা কৰি বা লোণ-তেল সানি কেঁচাই খায়; ইয়াৰ দুবিধ-মাটি কলহত বা বটলত ভৰাই থ'লে দিনচেৰেকৰ পাছত পকে অৰ্থাৎ টেঙা হয়, তাক পকা-খৰিচা বোলে; তাকে শুকুবাই শুকান বা জিম- খৰিচা কৰে]
a kind of condiment made from the young and tender shoots of bamboo. [The shoots are cut into pieces and reduced into a coarse pulp, which is preserved in an earthen pot or bottle when, after a few days, it becomes sour and fit for use; it is sometimes dried and preserved for future use.]
- খৰিছাkho.ri.saMaterial Noun
বাঁহগাজৰ পৰা প্ৰস্তুত কৰা এবিধ আচাৰ৷
a pickle made from bamboo shoot.
- খৰিদkharidaNoun
কিনা কাৰ্য্য; মূল্য দি বস্ত্ত অনা
the act of buying; a purchase
- খৰিদাAdjective
কিনা; বি. ক্ৰয় কৰা; দাম দি অনা
purchased
- খৰিদাৰ
ক্ৰয় কৰোঁতা; কিনোতা
a purchaser; buyer
- খৰিদ্দাৰ
ক্ৰয় কৰোঁতা; কিনোতা
a purchaser; buyer
- খৰিমাটিkharimāṭiNoun
খড়িমাটি।