কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জগ্ৰাjagrāNoun
কোল; ওভোতা জোং থকা যাঠী
a barbed spear
- জগৎjagatNoun
পৱথিবী আৰু তাত থকা সমুদায় বস্ত্ত; ভুবন
the World
- জগৎচক্ৰjagatcakraNoun
ব্ৰহ্মাৰপৰা বেদ, বেদৰপৰা যজ্ঞ, যজ্ঞৰপৰা ধোঁবা, ধোঁবাৰপৰা মেঘ, মেঘেৰপৰা বৰষুণ, বৰষুণৰপৰা শস্য, শস্যৰপৰা প্ৰাণী -এনেকৈ সদায় হৈ থকা অবস্হাৰ নাম; জন্ম-মৱত্যু (গীতা)।
- জগৎপতিjo.got.po.tiAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগৎপ্ৰাণjo.got.pranAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগৎস্ৰষ্টাjo.got.sres.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগৰjagaraNoun
অপৰাধ; দায়; দোষ
an offence; a fault
- জগৰীয়াjagarīẏāAdjective
অপৰাধী; যাক দায়ী কৰা হয়; দোষী
guilty
- জঘনjaghanaNoun
নিতম্ব; কটিদেশ; কঁকালৰ তলৰ পোকৰৰ পাছ ফাল
the hip and loin; the buttocks
- জঘন্যjaghanyaAdjective
বৰ মলিন; কুৰূপ; অধম; নীচ; নিন্দনীয়; বৰ বেয়া
low; vile
- জঘলাjaghalāNoun
মানুহ ওপৰলৈ উঠিবলৈ গাত ওচৰা- উচৰিকৈ খোপ কাটি লোবা এডাল বাঁহ বা কাঠ, নতুবা-দুডাল সমান দীঘল পোন কাঠ বা বাঁহত পথালিকৈ চুটি চুটি কিছুমান ডাং বান্ধি লোবা যতন
a ladder
- জঙাjaṅāNoun
দীঘলীয়া মদৰ টেকেলি
a kind of earthen jar for keeping and drinking rice beer
- জঙাইCommon Noun
জীয়েকৰ স্বামী
husband of one's daughter
- জঙ্ক-পঙ্কjong.ko-pong.koAbstract Noun
কোনো খেলিমেলি লগা জটিল অৱস্থা ৷
a situation or condition that is complex or confused.
- জঙ্কটjaṅkaṭaNoun
সঙ্কট; জঞ্জাল।
- জঙ্কাjaṅkāTransitive verb
জোকা; যেনে-"কুপিত সিংহক হস্তী-ছাবে জঙ্কাবাহা" (মা. ক., লঙ্কাকাণ্ড)
to anger; to tease
- জঙ্কাৰjaṅkāraNoun
ঝঙ্কাৰ।
- জঙ্গমjaṅgamaAdjective
লৰি-চৰি ফুৰা; জীব থকা সজীব
having motion; living; animated
- জঙ্গলjaṅgalaNoun
হাবি; অৰণ্য
forest; wilderness
- জঙ্গলবাৰী গ্ৰাণ্ট্jaṅgalabārī, grāṇṭ
খ্ৰীষ্টাব্দৰ