কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দুণৰিduṇariNoun
বিয়াত পানী তুলিবলৈ যাওঁতে আৰৈ চাউল আৰু তামোল-পাণ ভৰাই তাত এটা চাকি লগাই লৈ যোবা কাঠী, মাটি বা পিতলৰ এটা দোণ বা খৰাহিক নিচিনা সঁজুলি
a small basket containing rice, betelnuts and a lighted lamp carried while in a procession going to fetch water at a marriage
- দুতdutCommon Noun
এখন দেশৰ প্ৰতিনিধি
representative of a country
- দুতলীয়াdutalīẏāAdjective
এজনক বা এঠাইত এক কথা, আনজনক বা আনঠাইত তাৰ বিপৰীত কথা কোবা; এবাৰ এটা, আনবাৰ আন এটা কথা কোবা; দু-আষৰীয়া; দোভাচলীয়া
double-tongued; ambiguous; equivocal
- দুতিdutiAdjective
দ্বিতীয়; যেনে-"কোশলৰ উত্তৰত অযোধ্যা নগৰ। দুতি স্বৰ্গপুৰ অম্ৰাবতী পটন্তৰ" (মা., আদিকাণ্ড)।
- দুতয়dutaẏaAdjective
দ্বিতীয়; যেনে-"জয় জয় বটদ্ৰবা বৈকুণ্ঠ দুতয়" (গীতা)
second
- দুতৰdutaraNoun
বৰ বিপদ; বৰ কষ্ট
severe calamity; great misfortune
- দুতৰপীয়াdutarapīẏāAdjective
দুতৰপ থকা
double; of two folds
- দুদdudaNoun
স্তন; পিয়াহ
a female breast
- দুদকণ্ঠdu.do.kon.thoCommon Noun
কম বয়সীয়া মানুহ বা কোনো জন্তু
A very young person or animal.
- দুদদানীNoun
কেঁচুবা ল'ৰা-ছোবালীক গাখীৰ খুওবা এবিধ কাচৰ সঁজুলি
a feeding bottle
- দুদমোৰNoun
পিয়াহৰ দোষত কেঁচুবা ল'ৰা-ছোবালীৰ ভেদ আৰু বাঁতি হোবা ৰোগ
infantile diarrhoea
- দুদান্তdu.dan.toProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- দুদুduduNoun
স্তন; পিয়াহ
a female breast
- দুদ্-দানীdud-da.niMaterial Noun
কেঁচুৱাক গাখীৰ খুওৱাৰ ব্যৱস্থা থকা কাচৰ এবিধ সঁজুলি।
a plastic or glass bottle with a rubber top which a baby can suck milk through.
- দুদৰিAdjective
গাখীৰঁতী; চাউল হোবা
containing a milky fluid, the rudiment of a future grain
- দুধdudhaNoun
পোনেই খীৰাই অনা আৰু দৈ নোহোবা গাখীৰ; এঁবা গাখীৰ
milk
- দুধকণ্ঠAdjective
পিয়াহ নেৰা; পিয়াহ খোবা
sucking mother's milk
- দুধদানীNoun
কেঁচুবা ল'ৰা-ছোবালীক গাখীৰ খুওবা এবিধ কাচৰ সঁজুলি
a feeding bottle
- দুধনৈProper Noun
মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে।
Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi.
- দুধ্-দানিdudh.da.niMaterial Noun
কেঁচুৱাক গাখীৰ খুওৱাৰ ব্যৱস্থা থকা কাচৰ এবিধ সঁজুলি।
a plastic or glass bottle with a rubber top which a baby can suck milk through.