কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপান্ত্যস্তৰu.pan.tyo.storAbstract Noun
দৈহিক আৰু হ্ৰাসাত্মক কোষ বিভাজনৰ মধ্যস্তৰৰ পৰৱৰ্ত্তী স্তৰ, য’ত অপত্য ক্ৰমজ’মবিলাকে পৰস্পৰ আঁতৰি গৈ কোষটোৰ দুই প্ৰান্তৰ ফালে গতি কৰে
the stage in mitosis or meiosis following metaphase in which the daughter chromosomes move away from each other to opposite ends of the cell
- উপান্ত্ৰCommon Noun
বৃহদান্ত্ৰৰ পৰা বাঢ়ি অহা আঙুলিৰ নিচিনা অংশ
A finger-like part growing from the large intestine.
- উপামupāma
উপমা; যেনে-"জয় গুৰু শঙ্কৰ সৰ্ব্ব-গুণাকৰ জাকেৰি নাহি উপাম" (ভটিমা)।
- উপামুবাAdjective
(পু. অ.) তুলনাৰ যোগ্য; যেনে-"সুন্দৰ কানুক ৰূপ একুতিল তবহু কৈছে উপামুবা" (বৰগীত)
fit to be compared
- উপাযুক্তNoun
জিলাৰ প্ৰধান; ডেপুটি কমিছনাৰ
deputy commissioner
- উপালম্ভupālambhaNoun
দুৰ্ব্বাক্য; অমৰ্য্যাদা; অসম্মান; গালি
disrespect; abuse
- উপাষকu.pa.xokVerbal Adj.
যি (ভগবান বা আন দেৱ-দেৱীৰ) পূজা বা অৰ্চ্চনা কৰে ৷
one, who worships, i.e. shows profound religious devotion and respect to (God, gods, godesses etc.).
- উপাসকNoun
সেবক; পূজা কৰোঁতা; ভক্তি কৰোঁতা; বৰকৈ খাটোঁতা; ভজোঁতা; আশ্ৰয় কৰোঁতা
dependent; one who serves
- উপাসনা
যাৰ দ্বাৰা মন ঈশ্বৰত লাগে; আৰাধনা; সেবা; পূজা; প্ৰাৰ্থনা; গুৰু বা ঈশ্বৰৰ শুশ্ৰূষা
worship; prayer; adoration
- উপাসনা কৰ্u.pa.xo.na korVerb-Trans.
ভগৱান, দেৱতা বা আন পূজনীয় বস্তুত উদ্দেশ্যে প্ৰাৰ্থনা আওৰা
To utter or address a prayer or prayers to God, a god, or another object of worship
- উপাসনা গৃহu.pa.xo.na gri.hoMaterial Noun
হিন্দু বা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ উপাসনাৰ ঠাই
a place of worship, specially for Hindus and Budhist etc
- উপাসনীয়u.pa.xo.ni.yoProper Adj.
বয়স বা প্ৰভাৱশালী ব্যক্তিত্বৰ বাবে সন্মান পোৱাৰ যোগ্য
commanding respect because of great age or impressive dignity
- উপাসাNoun
বৰ লোকত কৰা খাটনি, সেবা, ভাৰসা
dependence; service
- উপাসিতAdjective
যাক উপাসনা বা পূজা কৰা যায়; পূজিত
worshipped
- উপাস্upāsTransitive verb
পূজা কৰ্; ভজ্; সেবা কৰ্; বৰকৈ খাট্; ভক্তি কৰ্
worship; serve; adore
- উপাস্Transitive verb
উপাসা কৰ্।
- উপাস্তিu.pas.tiVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- উপাস্থিu.pas.thiMaterial Noun
দেহৰ ভিতৰত থকা কোমল হাড়; সাধাৰণতে ই পেশীৰ পৰা উৎপন্ন হয় ।
A muscle transformed into a soft bone in adults.
- উপাস্য
উপাসনা বা পূজাৰ যোগ্য; পূজ্য; আৰাধ্য
fit to be worshipped
- উপাস্হিupāshiNoun
কোমল হাড়; দেহৰ ভিতৰত থকা হাড়ৰ নিচিনা কিন্ত্ত কোমল পদাৰ্থ
cartilage