কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জগন্নাথjagannāthaNoun
জগতৰ নাথ বা গৰাকী; পৰমেশ্বৰ
God
- জগন্নাথ-তিতাjagannātha-titāNoun
এবিধ ঔষধত লগা গছ।
- জগন্নাথ-পুৰীjo.gon.nath-pu.riProper Noun
হিন্দুসকলৰ এক তীৰ্থস্থান, উৰিষ্যাৰ এখন চহৰ, য’ত জগন্নাথ মন্দিৰ অৱস্থিত ৷
a pilgrimage site for the Hindus in Orissa, where the Jagannath temple is located
- জগন্নাথী টুপিjagannāthī, ṭupi
জগন্নাথৰ পাণ্ডাই পিন্ধা ৰঙা আৰু ঘন ঘন সিয়নি থকা এবিধ টুপি
a kind of cap
- জগন্নাথৰ সভাjagannāthara, sabhā
চাকি লগোবা সভা; জেঠ মাহত হৰিদেবী মানুহে সত্ত্ৰবিলাকত প্ৰত্যেক ঘৰৰ মতা মানুহৰ সংখ্যা অনুসাৰে চাকি লগাই আৰু নাম-কীৰ্ত্তন কৰি কৰা সভা; হৰিদেবৰ জোঁবাই আৰু আচাৰ্য জগন্নাথদেবৰ তিথ উপলক্ষে হোবা সভা।
- জগন্নিৱাসjo.gon.ni.baxAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগন্নুjo.gon.nuMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- জগন্মাতাjo.gon.ma.taProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- জগন্ময়ীjo.gon.mo.yiProper Noun

- জগবন্ধুjo.go.bon.dhuAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগমোহনjagamohanaNoun
দেবালৰ দুবাৰ মুখত তাৰ গাতে লগাই সজা সৰু মন্দিৰ।
- জগলি-মোহনjagali-mohanaNoun
ভালে-বেয়ায় এটাইকে মিহলি কৰা; সানমিহলি
mixed up indiscriminately
- জগলুjagaluNoun
মদৰ গেদ
the dregs of liquor
- জগলৌjagalauNoun
গছে-পাতে মৰলীয়া গছৰ নিচিনা এবিধ আওকাঠী বনৰীয়া গছ
a kind of tree
- জগাjagāTransitive verb
টোপনিৰপৰা তোল্
to awaken
- জগা কাঠjagā, kāṭhaNoun
তলত বহুত দিন থাকি গোঁৰ খাই পচি ক'লা হোবা কাঠ
long submerged and rotten wood
- জগাই দেjo.gai deVerb-Trans.
কাৰোবাৰ টোপনি ভাঙি দে; টোপনিৰ পৰা সাৰ পোৱাই দে।
To break the sleep of somebody.
- জগাওঁতাjagāom̐tā
কৱদ. টোপনিৰপৰা তোলোঁতা বা সাৰ পোবাওঁতা
one who awakens from sleep
- জগে দিVerb-Trans.
কাৰোবাৰ টোপনি ভাঙি দে; টোপনিৰ পৰা সাৰ পোৱাই দে।
To break the sleep of somebody.
- জগ্jagIntransitive verb
ওপজ্; জন্ম ল; (ইতৰ জন্ত্ত)
to be born