কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উগ্ৰসেনugrasenaNoun
কংস ৰজাৰ পিতৱ [কংসই এওঁক গুচাই নিজে ৰজা হৈছিল, কংসৰ মৱত্যুৰ পাছত পুনৰ এওঁ ৰাজকাৰ্য্য চলাইছিল]
a king of Mathurā and the father of Kaṁsa
- উগ্ৰেশProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- উঘল্ughalIntransitive verb
শিপা ছিগি পৰ্।
- উঘাughāIntransitive verb
শেষ কৰ্; অন্ত কৰ্; যেনে-"বন কৰি উঘাৰ নোবাৰোঁ
to finish; to complete; to exhaust
- উঘাল্ughālTransitive verb
শিপা ছিঙি তোল্; উভাল্; খানি পেলা
to uproot; dig up
- উঘাল্u.ghalVerb-Trans.
গজা বা বিকশিত হোৱা ঠাইৰ পৰা জোৰ কৰি উঠাই পেলোৱা।
to pull off or out from the place of growth.
- উচটনি
উচটাই বা উৎসাহ দিয়া কাৰ্য্য
incitement
- উচটনি দেu.so.to.ni deVerb-Trans.
বেয়া কাম কৰিবলৈ উত্সাহ দে
to encourage or assist in an offence or offender
- উচটাTransitive verb
কোনো কথা বা কামৰ অৰ্থে মন বঢ়াই দি; কোনো কাম কৰিবলৈ উৎসাহ দি
to incite
- উচটাই দেu.so.tai deVerb-Trans.
কোনো কাম কৰোৱাবৰ নিমিত্তে কাৰোবাৰ ঈৰ্ষা, কৌতুহল বা আগ্ৰহ বৃদ্ধি কৰা
To increase jealousy, curiosity or interest in a person by intentional means so that he/she do the intended task.
- উচটীয়া মাত
খং তোলা বা উচটাই দিয়া মাত
provocative or inciting words
- উচটুবাAdjective
অলপতে খং উঠা; অলপতে অস্হিৰ হোবা; উতনুবা; উখৰা
excitable; rash
- উচট্ucaṭIntransitive verb
কোনো কাম কৰিবলৈ উৎসুক হ; কোনো কাৰ্য্য বা কথাৰ নিমিত্তে উৎসাহিত হ
to be very eager (to do anything)
- উচতাu.so.taVerb-Trans.
কোনো কাম কৰোৱাবৰ নিমিত্তে কাৰোবাৰ ঈৰ্ষা, কৌতুহল বা আগ্ৰহ বৃদ্ধি কৰা
To increase jealousy, curiosity or interest in a person by intentional means so that he/she do the intended task.
- উচনu.sonVerbal Adj.
কোনো কাৰণত ধ্বংস, নষ্ট বা নিৰ্মূল হোৱা।
rendered useless by breaking or destroying by any means.
- উচন-বাবিucana-bābiNoun
ঢেঁকী দাঙি খোবা বাঁহ বা কাঠৰ খুঁটি বা মাৰি।
- উচপ খাu.sop khaVerb-Intran.
হঠাৎ কোনো চিন্তা, আবেগ বা অনুভূতিৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হ
to undergo a shock, i.e. a sudden or violent disturbance of the mind, emotions, or sensibilities
- উচপিচাus.pi.saVerb-Intran.
কোনো কাৰণত অস্থিৰ হৈ ইফাল সিফাল কৰ্ ৷
To behave or move nervously or restlessly.
- উচপিচ্us.pisAbstract Noun
অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি
distress or uneasiness of mind caused by uncertainly or misfortune
- উচলucalaAdjective
আদায়; বাকী নথকা; অন্ত; শেষ
realised; paid up; finished