← ফুৰি যাওক

ও

o

অৰ্থ

1.

স্বৰৰ ত্ৰয়োদশ আখৰ; ব্যঞ্জনৰ লগত যোগ হ'লে "ো" এনে ৰূপ ধৰে

the thirteenth letter of the alphabet

2.

যোজক-অব্যয় অৰ্থাৎ এটা বস্ত্ত বা কাৰ্য্যৰ লগত আন এটা যোগ কৰা; তদুপৰি

a copulative article; also

3.

সম্ভাবনা; যেনে -"আহিলেও আহিব পাৰে।"

4.

মাথোন; এনে কি; যেনে-"সি ইয়াত এক দণ্ডও নেথাকিল"।

5.

সত্ত্বেও; যেনে-"তাক কোবালেও একো নহয়"

in spite of

6.

(ওকাৰ স্বৰূপে) নিশ্চয়াৰ্থক; যেনে-একো নাই; তাকো মাত।

7.

গাত ক্ষুদ্ৰ ক্ষুদ্ৰ দাঁত থকা এবিধ তীখাৰ যতন যাৰে ঘঁহি ঘঁহি লো আদি টান ধাতু কটা, সৰু বা মিহি কৰা যায়

a file; a rasp

বি.

8.

আৰু

and

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ