কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চামচৰিয়াsam.so.ri.yaCommon Noun
এবিধ দীঘল বৰ ঘণ নোমেৰে বিছা৷ সাধাৰণতে কলগছত পাত খাই থকা দেখা যায়৷
a kind of long hairy caterpillar.
- চামনি
বহুত চাম গছ থকা ঠাই।
- চামনিcāmaniNoun
ঘাৰ ওপৰত বন্ধ যোবা পাতল চোকোৰা বা ছাল
a scale
- চামনি মাৰ্
জুলীয়া বস্ত্তৰ ওপৰত জাল বান্ধ্ বা গোট খাই ছালৰ দবে হ
to rise to the surface as scum, etc.
- চামাদিsa.ma.diCommon Noun
অবিবাহিত তিৱা যুৱক সকল সমজুৱাকৈ থাকিবলৈ তিৱা গাওত থকা উমৈহতীয়া চাংঘৰ৷
a community hall in Tiwa villages in Assam where all unmarried young males stay together.
- চামিল কৰ্
ভুক্ত কৰ্
to include
- চামিয়নাsa.mi.o.naMaterial Noun
ডাঙৰ লোক বহা অথবা দেৱতাৰ মূৰ্তি থোৱা ঠাইৰ ওপৰত তৰা কাপোৰ ।
A cover over a bed or head for shelter or decoration
- চামীকৰsa.mi.korMaterial Noun
অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C.
- চামুচcāmucaNoun
মুখত আহাৰ তুলি দিয়া সৰু হেতা
a spoon
- চামুণ্ডাcāmuṇḍāNoun
চণ্ড আৰু মুণ্ড নামৰ দুজন অসুৰক বধিবলৈ দুৰ্গাৰ কপালৰপৰা ওলোবা দেবী
a form of Durgā
- চামে চামেcāme, cāmeAdverb
এচামৰ পাছত আন এচাম হৈ; জাউৰি পাতি
batch after batch
- চামে-চামেsa.me-sa.meAdverb
এচামৰ পাছত এচামকৈ
in subsequent batches, one after the other
- চামেলিsa.me.liCommon Noun
ৰাতি ফুলা, বগা বৰণীয়া কেতবোৰ সুগন্ধি ফুল বা ফুলৰ গছ
any of numerous shrubs or vines belonging to the genus Jasminum, of the olive family, having fragrant flowers and used in perfumery.
- চামেলীcāmelīNoun
এবিধ ফুল
jasmine
- চামোনcāmonaNoun
চাম গছ বা সেই নিচিনা ডাঙৰ গছত থকা এবিধ ভূত
an evil spirit supposed to live on trees
- চাম্-ৰৈঠcām-raiṭha
মাটিত চাৰিও ঠেং পাৰি বহ (হাতী)
to sit on four legs (said of an elephant)
- চাম্চৰিcāmcariNoun
এবিধ কলপতীয়া বৰণৰ বিছা জাতিৰ পোক
a kind of green caterpillar
- চাম্চৰিয়াcāmcariẏāNoun
এবিধ কলপতীয়া বৰণৰ বিছা জাতিৰ পোক
a kind of green caterpillar
- চাম্দলাcāmdalāNoun
গাৰ ছালৰ ওপৰত বহল হৈ উখহি উঠা চকলা
patcn of swollen skin
- চাম্পcāmpaNoun
চেপা; যেনে-"চাম্প দিয়া ধৰি দুই হাতে দুই ঠোটে" (দশম)।