কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাকৰcākaraNoun
বেচ লৈ আনৰ কাম কৰা মানুহ; ভৱত্য
a man-servant
- চাকৰণীsa.ko.ro.niCommon Noun
ঘৰৰ কাম বন কৰা ছোৱালী বা তিৰোতা; সাধাৰণতে লেতেৰা, আমনি লগা কামবোৰ যাৰ হতুৱাই কৰোৱা হয়।
a female domestic servant kept to do the dirty and boring jobs in a house.
- চাকৰালিsa.ko.ra.liAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- চাকৰিNoun
বেচ লৈ কৰা কাম
service
- চাকৰিসূত্ৰেAbstract Noun
নিয়োজিত কৰ্ম বা চাকৰিৰ প্ৰয়োজন অনুসৰি
for the sake of job or employment
- চাকৰিয়ালsa.ko.ri.yalCommon Noun
আৰ্থিক বা অন্য উপাৰ্জনৰ বিনিময়ত আনৰ কাৰণে কাম কৰা লোক
A person who works for another in return for financial or other compensation
- চাকৰীয়াNoun
চাকৰি কৰা; বেচ লৈ কাম কৰা
working or holding service under another
- চাগুcāguNoun
এবিধ বিদেশী খাদ্য [চেবা গছৰ মাজৰ কোমল আৰু সোপোকা শাহবোৰ ঢেঁকী বা উৰালত খুন্দি এৰাৰুটৰ নিচিনাকৈ ইয়াক তৈয়াৰ কৰে।]।
sago ; (the sago palm; Metroxylon sago)
- চাগু-দানাcāgu-dānāNoun
এবিধ বিদেশী খাদ্য [চেবা গছৰ মাজৰ কোমল আৰু সোপোকা শাহবোৰ ঢেঁকী বা উৰালত খুন্দি এৰাৰুটৰ নিচিনাকৈ ইয়াক তৈয়াৰ কৰে।]।
sago ; (the sago palm; Metroxylon sago)
- চাগুদানাsa.gu.da.naMaterial Noun
চেৱা গছৰ নিচিনা এবিধ গছৰ শাহৰ পৰা তৈয়াৰ কৰা এবিধ খাদ্য |
Sago is a powdery starch made from the processed pith found inside the trunks of the Sago Palm <b>Metroxylon sagu</b>. It's used in Asia as a food thickener and textile stiffener. However, it's also used as primary food during some Pujas in India.
- চাগেAdverb
may be,to have a chance to occur
- চাগৈcāgaiAdverb
কিজানি; সম্ভবতঃ হয়; হ'বলা (অনুমান কৰি কোবা অৰ্থত, ক্ৰিয়াৰ পাছত ব্যবহাৰ কৰা হয়)
perhaps; possibly
- চাগ্চcāgcaNoun
এবিধ জ্বৰ-বিকাৰ [ইয়াত মুখেদি ফেন ওলায়।]
a kind of fever
- চাঙটিcāṅaṭiNoun
সিংহাসনৰ ওপৰত চন্দ্ৰতাপ বা খাটৰ ওপৰত আঁঠুবা তৰিবলৈ লগোবা খুঁটাৰ কানত চাৰিওমেৰে লগাই দিয়া চেপেটা কাঠ বা মাৰি
a wooden frame for hanging a canopy over a throne or a mosquito curtain over a bed
- চাঙটি-চন্দোবাৰNoun
চাঙটিত তৰা চন্দ্ৰতাপ; ৰজাৰ আসন বা মূৰ্ত্তিৰ ওপৰত তৰি দিয়া চন্দ্ৰতাপ
a canopy hanging over a throne
- চাঙিcāṅiNoun
এখন চঁছালিৰ দুই দাঁতিত দুডোখৰ বাঁহ লগাই দুমুৰে দুটা মানুহে হাতেৰে ধৰি, নাইবা এদাঁতিত এডোখৰ বাত খুবাই আন দাঁতি মোকটাই সেই বাঁহত বান্ধি দুটা মানুহে কাণত লৈ মাটি কঢ়িওবা যতন
a bamboo frame-work for carrying earth
- চাঙিনcāṅinaNoun
চঙ্গীন
a bayonet
- চাঙেৰীcāṅerīNoun
ঘূৰণীয়া, দাঁতিত পাহ কটা পাতেৰে এবিধ লতা-চানেকীয়া আৰু অলপ টেঙা গুণ থকা ক্ষুদ্ৰ বনশাক; টেঙেচী টেঙা
the Indian sorrel; Oxalis cornicalata
- চাঙ্কcāṅkaNoun
চমক; যেনে-"চাঙ্ক লাগি গৈলেক লঙ্কাক" (শ্ৰীৰামকীৰ্ত্তন)।
- চাঙ্গিনsang.ginMaterial Noun
বন্দুকৰ আগত লগোৱা তৰোৱাল৷
a knife that can be fixed to the end of a rifle and used as a weapon.