কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষড়ভূজাকৃতিxo.ro.bhu.ja.kri.tiProper Adj.
ষড়ভূজ বা ছয়টা বাহুযুক্ত ক্ষেত্ৰৰ আকৃতিৰ বা তেনে ক্ষেত্ৰ সম্পৰ্কীয়
of, pertaining to, or having the form of a hexagon
- ষড়ভূজীয়xo.ro.bhu.ji.yoProper Adj.
ষড়ভূজ বা ছয়টা বাহুযুক্ত ক্ষেত্ৰৰ আকৃতিৰ বা তেনে ক্ষেত্ৰ সম্পৰ্কীয়
of, pertaining to, or having the form of a hexagon
- ষড়যন্ত্ৰṣaṛayantraNoun
অন্যায় কৰি মানুহৰ অপকাৰ কৰিবলৈ কৰা নানা কুট-কৌশল; কু-অভিসন্ধি
conspiracy; machination; plot
- ষড়যন্ত্ৰ কৰ্xo.ro.jon.tro korVerb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- ষড়যন্ত্ৰকাৰীxo.ro.jon.tro.ka.riCommon Noun
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰা ব্যক্তি।
someone who plans with someone else secretly to do something bad or illegal.
- ষড়যন্ত্ৰমূলকxo.ro.jon.tro.mu.lokProper Adj.
কোনো অসৎ বা অন্যায় গোপন পৰিকল্পনাৰ সৈতে জড়িত
related to secretly planning something illegal or bad
- ষড়শীতিতমxo.ro.xi.ti.tomProper Noun
আশীতকৈ ছয় বেছি ৷
six more than eighty; the symbol denoting 86. (৮৬ in Assamese)
- ষড়াননṣaṛānanaNoun
কাৰ্ত্তিক; মহাদেবৰ পুতেক; দেবতাসকলৰ সেনাপতি
a name of Kārttika, the son of Śiva and general of the gods
- ষড়্দৰ্শনṣaṛdarśanaNoun
সাংখ্য, যোগ, পূৰ্ব্ব-মীমাংসা, বেদান্ত বা উত্তৰ বেদান্ত বা উত্তৰ-মীমাংসা, ন্যায় আৰু বৈশেষিক দৰ্শন।
- ষড়ৰসṣaṛarasaNoun
মিঠা, তিতা, কেঁহা, জলা, টেঙা, খাৰ, এই ছবিধৰ আস্বাদ
the six tastes, namely-sweet, bitter, pungent, astringent and salt
- ষড়ৰিপুxo.ro.ri.puAbstract Noun
কাম, ক্ৰোধ, লোভ, মোহ, মদ (অহংকাৰ) আৰু মাতসৰ্য (পৰশ্ৰীকাতৰতা) এই ছয় প্ৰকাৰ শত্ৰু৷
the six enemies of the soul that is lust, anger, avarice, love, pride and envy.
- ষড়ৱ তুṣaṛawa, tuNoun
ছটা ঋতু।