কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শক্ৰভৱনxok.ro.bho.wonAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- শক্ৰমূৰ্ধাxok.ro.mur.dhaMaterial Noun
পৰুৱা বা উঁইয়ে খান্দি বা বাহ সাজি সৃষ্টি কৰা মাটি, বালি বা ধূলিৰ এক ঢাপ|
A mound of soil, sand, or dirt formed by ants or termites in digging or building a nest.
- শগুণবাহীxo.gun.ba.hiProper Noun
এই নামৰ গাঁও মৰিগাঁও, নগাঁও আৰু গোৱালপাৰা জিলাত আছে৷
there are villages im Mairabari, Nagaon and Goalpara district of Assam with this name Xagunbahi.
- শগুণীলতাśaguṇīlatāNoun
আমৈলতা।
- শগুনśagunaNoun
"গৱধ্ৰ" চোবাঁ।
- শঙ্কনীয়śaṅkanīẏaAdjective
সন্দেহ বা ভয় কৰিব লগীয়া
doubtful; fit to be dreaded
- শঙ্কলxong.kolProper Noun
খ্ৰীঃ চতুৰ্থ শতিকাত কামৰূপৰ ৰজা আছিল শংকলাদিৱ বা শংকৰদেৱ; বেজবৰুৱাই চমুকৈ শংকল বুলিও কৈছে৷ এওঁ গৌড় বা লক্ষণাৱতী চহৰ স্থাপন কৰিছিল - যিখন পাছলৈ বহু বছৰ জুৰি পুৰণা বংগ দেশৰ ৰাজধানী হৈ আছিল৷ উত্তৰ ভাৰতৰ সেই সময়ৰ কেদাৰ বাহ্মণ নামৰ ৰজাক শংকলে পৰাস্ত কৰিছিল৷ তেওঁৰ বিশাল সৈন্য বাহিনী আছিল৷ (উৎস - গোৱালপাৰাৰ ইতিহাস, আনন্দচন্দ্ৰ আগৰৱালা )সাহিত্য ৰথীৰ ভাষাত"উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণমহাবলৱন্ত ৰজা,কামৰূপাধিপতি শঙ্কলাদিবেঘটুৱালে কেনে বুজা৷বাজক দবা,চাৰি লাখ পদাতি, লাখ অশ্বাৰোহীচাৰি হেজাৰেক হাতী,শঙ্কলাদিবৰ বীৰ্য্য-বিক্ৰমৰভাৰত বিয়পা খ্যাতি৷ লক্ষ্মণাৱতী গৌৰ ৰজাৰআমাৰ শঙ্কলে কৰা, ৰাজধানী হৈ আছিল বঙ্গৰদুহাজাৰ বছৰ জোৰা৷
A great warior king from 4th century Kamrup, defeted mighty king Kedar Brahmin. Shankal possess a huge army with 4 lakhs infanty. (Source: - Encyclopedia of NE India Vol-I by Col Bed Prakash)
- শঙ্কলাদিবxong.ko.la.dibProper Noun

- শঙ্কাśaṅkāNoun
ভয়
fear
- শঙ্কাকুলAdjective
ভয়াবহ; আপদগ্ৰস্ত
dangerous
- শঙ্কাজনকAdjective
সন্দেহজনক; আশঙ্কা লগা
doubtful; fearful
- শঙ্কাতুৰxong.ka.turProper Adj.
সহজে ভয়খোৱা, সাহপিত নথকা
lacking courage in facing danger, difficulty, opposition, pain, etc
- শঙ্কান্বিতxong.ka.nwitProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শঙ্কাপদśaṅkāpadaNoun
অনিশ্চিত অৰ্থযুক্ত শ্লোকৰ অৰ্থ বুজাবলৈ তাৰ ভাঙনিত শ্লোকতকৈ বেছিকৈ লিখা পদ; যেনে-"দূষণ সিদ্ধান্তেঃ শঙ্কাপদ কৈলোঃ সুগমে বুজোক লোক" (মিশ্ৰ-গীতা)।
- শঙ্কাযুক্তxong.ka.juk.toProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শঙ্কাহীনxong.ka.hinProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- শঙ্কাহীনভাৱেxong.ka.hin.bha.beAdverb
অনিষ্ট কৰিব/হব বুলি চিন্তা নকৰাকৈ
without worrying of being harmed
- শঙ্কিতśaṅkitaAdjective
ভয়যুক্ত; ভীত; ভয় খোবা
afraid
- শঙ্কিত হxong.ki.toVerb-Trans.
হঠাৎ ভয় সোমোৱা।
to fill with a sudden fear.
- শঙ্কুśaṅkuNoun
সময় নিৰূপণ কৰিবলৈ ব্যবহাৰ কৰা এবেগেত দীঘল এডাল কাঠী
a small stick ½ cubit long for certaining the hour of the day by using in a sun-dial