কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠাইতেAdverb
গুচৰতে; খিতাতে; তেতিয়াই
on the spot; near at hand
- ঠাকুৰṭhākuraNoun
বামুণ; পূজা, শৰাধ আদি কাম কৰি খোবা মানুহ; ঈশ্বৰ-পৰায়ণ মানুহ
a Brahmin in general; a priest; a religious man
- ঠাকুৰাণীtha.ku.ra.niCommon Noun
সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷
A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes
- ঠাকুৰালNoun
মহিমা; মহত্ত্ব; প্ৰভুত্ব; ঈশ্বৰত্ব; যেনে-"হৰি মোৰ এদীন দয়াল। কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল" (বৰগীত)। "দাস পাই নলবা কমন ঠাকুৰালি" (কীৰ্ত্তন)
Lorship; Greatness
- ঠাকুৰালিNoun
মহিমা; মহত্ত্ব; প্ৰভুত্ব; ঈশ্বৰত্ব; যেনে-"হৰি মোৰ এদীন দয়াল। কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল" (বৰগীত)। "দাস পাই নলবা কমন ঠাকুৰালি" (কীৰ্ত্তন)
Lorship; Greatness
- ঠাকুৰীয়াṭhākurīẏāNoun
অসমৰ মহাপুৰুষীয়া সম্প্ৰদায়ৰ এটা শাখা।
- ঠাচṭhācaNoun
গঢ়; আকৱতি; ৰূপ
a form; a shape
- ঠাচাṭhācāNoun
কোনো বস্ত্ত ঢালি কৰিবলৈ যুগুত কৰা সেই বস্ত্তৰ আকৱতি; সাঁচ
a mould
- ঠাচি ঠাচিtha.si tha.siAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- ঠাটṭhāṭaNoun
ঐশ্বৰ্য্য; প্ৰভাব; জাকজমক
pomp; dignity; splendour
- ঠাট খা, ঠাট মাৰ্
জুম বান্ধ্
to assemble; to throng together
- ঠাট মাৰ্that marVerb-Trans.
অলপ ঠাইতে অধিক মানুহ বা বস্তু গোট খা
to be pressed together, as in a narrow place.
- ঠাট-কটকṭhāṭa-kaṭakaNoun
সেনা আৰু সেনাৰ লগত যোবা মানুহৰ দল
an army with his followers
- ঠাটকাৰṭhāṭakāraNoun
ঠন্ ঠন্, ঠনৰ্; যেনে-"ঠাটকাৰ কৰি বৱক্ষ মাজতে ভাঙিল" (ভীম-চৰিত্ৰ)।
- ঠাট্টাṭhāṭṭāNoun
বিদ্ৰুপ; মস্কৰা
taunt; joke
- ঠাট্টা কৰ্that.ta korVerb-Trans.
অসন্মানজনকভাৱে ব্যৱহাৰ কৰ্ বা হাঁহিয়াতৰ পাত্ৰ কৰ্
To behave with contempt and disrepestfully or mimic contemptously; make fun of or laugh at
- ঠাট্টা-মস্কৰাthat.ta-mos.ko.raVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- ঠাঠṭhāṭhaNoun
জাক; সমূহ; যেনে-"অসুৰক মাৰিলাহা দেখি দেব ঠাঠ" (বঘাসুৰ)।
- ঠাঠুৰিṭhāṭhuriNoun
বেয়াকৈ কাম কৰি ভাগুনা কৰা কাৰ্য্য
the act of deceiving by doing a word badly
- ঠাণ্ডাthan.daProper Adj.
কম উষ্ণতা বিশিষ্ট
pertaining to low temperature