কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টনা-টনিṭanā-ṭaniNoun
এটাই আনটোক টনা-আঁজোৰা কৰা কাৰ্য্য
act of pulling one another
- টনা-হাতুৰীṭanā-hāturīNoun
বানবাটি আদিৰ পইৰা বা খুৰা পাতলকৈ চেপেটা কৰি গঢ়া কঁহাৰৰ হাতুৰী
a kind of hammer
- টনিṭaniNoun
মাছ, পহু আদি মৰা জাল মেলি টন্টনীয়াকৈ ধৰি ৰখা লাহী বাঁহৰ দীঘল মাৰি
a bamboo pole by which a net is stretched and kept tight
- টনি-জালṭani-jālaNoun
ছয়-সাত হাতমান দীঘল এডাল বাঁহৰ মূৰত দুটা বাঁহৰ মাজত গাঁঠি থকা চুঙা (চুপহি) জৰীৰে পথালিকৈ আঁৰি চুঙাৰ চাৰি মুখে চাৰিডাল টনি সুমাই তাৰ মূৰত ফিন্দাই লগোবা এবিধ মাছ ধৰা চাৰিচুকীয়া জাল
a dip- net or framed net
- টনি-জৰী
তাঁত ব'বলৈ আৰম্ভ কৰোঁতে আৰু অন্ত হ'বৰ সময়ত টোলোঠাত তাঁতৰ মূৰ টানি বান্ধি ৰখা তিনিডাল জৰী; ডোঁবাৰ-জৰী
cord by which the handloom is stretched and tied on the beams
- টনিকto.nikMaterial Noun
বলকাৰক, শক্তিবৰ্ধক জুলীয়া ঔষধ ।
A drink taken as a medicine to give a feeling of energy or well being.
- টন্টননিṭanṭananiNoun
শিৰীৰৰ কোনো অংশত অতিৰিক্ত তেজ বা পূঁজ গোট খালে হোবা বেদনা
pain felt in any part of the body due to undue accumulation of blood or a tight bandage
- টন্টনাIntransitive verb
গাৰ কোনো ঠাইত বৰকৈ আটি বান্ধ দিলে নতুবা খহু আদিৰ পূঁজ বন্ধ হৈ থকাৰ বাবে বেদনা কৰ্; টহ টহা
to cause pain like that produced by a tight bandage or suppurated but yet upopened boil
- টন্টনীয়াṭanṭanīẏāAdjective
বৰকৈ টনাৰ কাৰণে টান হোবা; ঢিলা নোহোবা; ফিন্দ খাই থকা (জৰী)
drawn tight; tense
- টন্টনীয়াton.to.ni.yaProper Adj.
নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
Fixed or fastened firmly in place; just smaller than the required size.
- টপংṭapamNoun
কোনো গোটা টান বস্ত্ত পানীত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that produced by the fall of a solid thing into water
- টপটলৌṭapaṭalauAdjective
কথা ক'বলৈ লাজ নকৰা (ল'ৰা); ছটবটীয়া
brisk; smart; bold (as a boy)
- টপতৈয়াৰṭapataiẏāraAdjective
সম্পূৰ্ণৰূপে সাজু; প্ৰস্ত্তত
ready
- টপাটপṭapāṭapa
লৰালৰিকৈ কৰা কাৰ্য্য
the act of doing a thing in a hurry
- টপ্ টপীয়াAdjective
লেষ-লেবীয়া; অধিককৈ অকামিলা বা অসঙ্গত কথা কোবা
pratting
- টপ্টপṭapṭapaNoun
পানী আদিৰ ডাঙৰ টোপা ওপৰৰ-পৰা বেগেৰে আন বস্ত্তৰ ওপৰত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that caused by the fall from a height of heavy drops on a hard surface
- টপ্টপনিṭapṭapaniNoun
টপটপোবা বা টপটপ কৰা কাৰ্য্য; অক. ধা. টপ্ টপা, টপ্ টপ্ কৰ্ সৰহকৈ ঘনাই কথা ক; বক্বকা; বলক্; লেব্লেবা; কেপ্কেপা
to prattle; to babble
- টপৰাইto.po.raiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- টপৰাই, টপৰ টপৰ কৰেAdverb
"টপৰ্" শব্দ কৰি
producing a short, quick sound or thud
- টপৰ্ṭaparNoun
পানী আদিৰ ডাঙৰ টোপা ওপৰৰ-পৰা বেগেৰে আন বস্ত্তৰ ওপৰত পৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that caused by the fall from a height of heavy drops on a hard surface